Morigaon : সোণগুটিৰে ভৰাইছে হেঁপাহৰ ধানৰ ভঁৰাল

হেঁপাহৰ আঘোনে মৰিগঞা চহা কৃষকলৈ লৈ আনিছে প্ৰাপ্তিৰ বতৰা

821f0ca1 9185 4dca 8310 741df028a0bd

Morigaon :

সোণগুটিৰে উপচি পৰা আঘোণৰ পথাৰখনে চহা কৃষক ৰাইজৰ মন প্ৰাণ আনন্দত আত্মহাৰা কৰি তোলে।ঘণকুঁৱলীয়ে ঢকা আঘোণৰ পথাৰৰ সোণালী ধানে কৃষকৰ সপোন পূৰ্ণাংগ ৰূপ দিয়ে।

আঘোণ মাহৰ আগমনৰ লগে লগে সীমাহীন ব্যস্ততা অসমৰ চহা কৃষকৰ।সোণগুটিৰে ভৰপূৰ চহা কৃষকৰ আঘোণৰ পথাৰে অসমীয়া জাতিৰ জীৱনলৈ কঢ়িয়াই আনে ভোগ আৰু ব’হাগৰ বতৰা।

ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰৰ গ্ৰাম্যাঞ্চলৰ লগতে মৰিগঁঞা কৃষকে এইবেলি মাছুৰি, জহা, বৰা, ৰঞ্জিত, মাকৰি, আইজং আদি বিভিন্ন ধানেৰে কৃষকৰ সপোনৰ ভড়াঁল ভৰোৱাত সীমাহীন ব্যস্ততা। তাৰোপৰি মৰিগঁঞা ৰাইজৰ মাজত ঘৰে ঘৰে আঘোণ মাহত ন -খোৱা, চুঙা পিঠা বনাই খোৱা পৰ্ব ইতিমধ্যে আৰম্ভ হৈছে।

আঘোণ তথা লখিমী মাহ সোমোৱাৰ লগে লগেই ধৰাৰ বুকুত শীতৰ আগমন ঘটে। তেতিয়া এখন সুন্দৰ চিত্ৰ মানুহৰ মনৰ মাজত প্ৰতিফলিত হয় আৰু গ্ৰাম্য জীৱনৰ ছবিৰ সৈতে আঘোণৰ পথাৰৰ মন পৰশা ৰূপ স্পষ্ট হৈ পৰে।

আঘোণৰ লখিমী পথাৰত সোণগুটি বুটলিবলৈ হেঁপাহত দাৱনীৰ মন বিয়াকুল হৈ থাকে। দাৱনীৰ মুঠিতেই চহা কৃষকে কষ্টৰ সাৰ্থকতা লাভ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে-আহাৰ-শাওন মাহৰ প্ৰখৰ ৰ’দকো নেওচি চহা কৃষকে হাল-কোৰ মাৰি, মাটি চহাই পেলোৱা শস্য কঙালী মাহত পোক-পতংগ ধংস কৰিবলৈ পথাৰত বন্তি জ্বলাই লখিমী ঘৰলৈ আদৰি আনে আৰু লাহে লাহে শস্যৰ পথাৰ সোণোৱালী হৈ পৰে।

সোণবৰণীয়া হৈ উপচি পৰা আঘোণৰ পথাৰবোৰত সোণগুটিসমূহ গাঁৱৰ জীয়ৰী-বোৱাৰীয়ে আনন্দ-উলাহেৰে কাটি কাটি মুঠি বনোৱাৰ পিছত ডাঙৰী বনাই চহা কৃষকে ঘৰলৈ আনি চোতালত পেলাই মৰণা মাৰি তাৰ পৰাই নতুন ধান ঢেকী বা মিলত খুন্দিবলৈ যায়।

আঘোণ মহীয়া পথাৰত পকা ধানৰ মাজে মাজে দুপৰীয়া ৰবাব টেঙাৰ সোৱাদ লৈ দাৱনীৰ হাঁহি-উল্লাসেৰে গোটেই পথাৰ ৰজনজনাই থাকে। প্ৰতিজন কৃষকৰ প্ৰাপ্তিৰ সময় হৈছে হেপাঁহৰ আঘোণ তথা লখিমী মাহ।

সময়ৰ সোঁতত সকলোবোৰ পৰিৱৰ্তন হৈছে যদিও হেঁপাহৰ আঘোণ মাহে লৈ আহে চহা কৃষকলৈ প্ৰাপ্তিৰ বতৰা। আঘোণৰ পুৱাতেই সোণালী পথাৰ বগা আৱৰণে ঢ়াকি পেলোৱা সময়ৰ পৰা শীতৰ প্ৰকোপ বৃদ্ধি হয়।আঘোণ হৈছে চহা জীৱনৰ এক আৱেগ আৰু শীতৰ আমেজ অসমীয়া গ্রাম্যজীৱনৰ জুইশালত প্ৰতিফলিত হয়।

এই শীতৰ পৰা হাত সাৰিবলৈ গাঁৱৰ ককা-আইতাসকলে সন্ধিয়া হোৱাৰ লগে লগে জুইৰ ওচৰত বহি উম লোৱাৰ দৃশ্য পৰিলক্ষিত হয়। ইফালে, মৰিগাঁও জিলাৰ অন্তৰ্গত মিকিৰভেটা,দলৈচুৱা,দন্দুৱা, ভূৰবন্ধা,বাৰপূজীয়া,কপাহেৰা,ঝাৰগাঁও, চৰাইবাহী,মায়ং, ভকতগাঁও, বৰভগীয়া, কাচধৰা, বৰঙাবাৰী, কাঁহিবাৰী,ভূৰাগাঁও,গেৰুৱা,দমাল,তেলাহী,ধৰমতুল,নেলী আদিৰ দৰে বিভিন্ন অঞ্চল সমূহত দাৱনীয়ে এতিয়া ধান কাটি ইতিমধ্যে শেষ কৰিছে যদিও এতিয়া চহা কৃষকৰ চোতালত মৰণা মৰাৰ কামো প্ৰায় সম্পূৰ্ণ হৈ উঠিছে।

ইপিনে,মৰিগঁঞা ৰাইজে ঘৰে ঘৰে আঘোণ মাহত ন -খোৱা, চুঙা পিঠা বনাই খোৱা পৰ্ব ইতিমধ্যে আৰম্ভ কৰিছে।শীতৰ প্ৰকোপ বৃদ্ধি হোৱাত গঞা ৰাইজৰ জুইশালত জুইৰ উম লোৱা আৰু পুৱা বগা আৱৰণে আবৰি থকা চহা কৃষকৰ সোণালী ৰঙৰ পথাৰে শীতৰো আমোদ দিছে।মৰিগঞা চহা কৃষকৰ মন আনন্দত মতলীয়া হৈ পৰিছে।

Exit mobile version