Qatar FIFA World cup 2023 : আৰ্জেণ্টিনাৰ এই দিনত মোৰ দেউতা থকা হ’লে অত্যন্ত সুখী হ’লহেতেন : মাৰাডোনাৰ পুত্ৰৰ আৱেগভৰা মন্তব্য 

WhatsApp Image 2022 12 17 at 19.58.29

Qatar FIFA World cup 2023 :

আৰ্জেণ্টিনাই ১৯৮৬ত শেষবাৰৰ বাবে বিশ্বকাপ ফুটবল জিকিছিল । ইয়াৰ পিছত ২০১৪ বৰ্ষত ফাইনেল পাইছিল যদিও শেষ পৰ্যায়ত তৃতীয় স্থানতে থমকি ৰৈছিল আৰ্জেণ্টিনাৰ ফুটবল দলটো ।

দীৰ্ঘদিনৰ বিৰতিৰ পিছত পুনৰ ১৮ ডিচেম্বৰত বিশ্বকাপ দখলৰ যুজত নামিব । এই অৱস্থাত কিংবদন্তি ফুটবলৰ সম্ৰাট মাৰাডোনা জীৱিত থকা হ’লে সুখী হ’লহেতেন বুলি এক আৱেগভৰা মন্তব্য কৰিছে তেওঁৰ পুত্ৰ মাৰাডোনা চিনাগাৰে ।

১৯৮৬ত ইটালিৰ নেপলেচ চহৰত জন্ম হৈছিল মাৰাডোনা চিনাগাৰৰ যাৰ পিতৃয়ে আৰ্জেণ্টিনাক বিশ্বকাপ জয়ৰ সোৱাদ দিছিল । তাৰ কিছু মাহৰ পিছৰে পৰা দীৰ্ঘদিনৰ দিনৰ বাবে মাৰাডোনাৰ সৈতে যোগাযোগ বিচ্চিন্ন হৈ আছিল তেওঁৰ ।

২০০৪ৰ পিছত তেওঁ পিতৃৰ সৈতে কথা পতাৰ সৌভাগ্য লাভ কৰিছিল । অৱশ্যে মাৰাডোনাই পুত্ৰৰ সৈতে যোগাযোগ ৰখাৰ চেষ্টা কৰিছিল । শেষৰ সময়ত ক্ৰমে দুই পিতৃ-পুত্ৰৰ সম্পৰ্কও ভাল হৈ আহিছিল ।

সেই চিনাগাই এতিয়া আৰ্জেণ্টিনা ফাইনেল পোৱাত আনন্দ প্ৰকাশ কৰি পিতৃ মাৰাডোনাক মনত পেলাই কৈছে, ’’ মই নিশ্চিত যে, দেউতা জীয়াই থকা হ’লে আৰ্জেণ্টিনাক লৈ অত্যন্ত সুখী হ’লহেতেন । এই সময়ত সঁচাকৈয়ে আৰ্জেণ্টিনাই খুব ভাল খেলিছে ।‘’

যদিও চিনেগা ইটালিত বাস কৰে, তথাপি পিতৃসূত্ৰে আৰ্জেণ্টিনাৰ কাৰণে তেওঁ সদায় ভাল ফল কামনা কৰি আহিছে ।

কাটাৰ বিশ্বকাপত আৰ্জেণ্টিনাৰ প্ৰতিখন খেল তেওঁ উপভোগ কৰি আহিছে । এই সন্দৰ্ভত তেওঁ আৰু কৈছে যে , মই আৰ্জেণ্টিনাৰ সকলো খেল চাই আছো । মই ভাবো আৰ্জেণ্টিনাৰ এই জাৰ্চিত তৃতীয় এটা তৰা সংযোগ হওঁক । ছেলেৰা খুব ভাল খেলিছে , দেশৰ বাবে নিজৰ সৰ্বোচ্চ দিছে । আশা কৰো এইবাৰ ভাল কিবা এটা হ’ব ।

Exit mobile version