Telengana :
ভাৰতত নতুনকৈ ক্ৰয় কৰা যান-বাহন পূজা কৰাৰ এক পৰম্পৰা আছে। বহু লোকে নিজৰ দুচকীয়া, চাৰ্চিকীয়া বাহন ক্ৰয়ৰ পাছত মন্দিৰলৈ নি পূজাৰীৰ জৰিয়তে পূজা-অৰ্চনা কৰে।
ADVERTISEMENT
এইবাৰ তেলেংগানাৰ এজন ব্যৱসায়ীয়ে এখন হেলিকপ্টাৰ ক্ৰয় কৰি পূজাৰ বাবে মন্দিৰত উপস্থিত হৈ সকলোকে চমক দিলে।
এই ঘটনাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈছে ।ব্যৱসায়ীজনে হায়দৰাবাদৰ পৰা এশ কিলোমিটাৰ নিলগত অৱস্থিত এটা মন্দিৰত তিনিজন পূজাৰীৰ জৰিয়তে নতুনকৈ ক্ৰয় কৰা হেলিকপ্টাৰৰ পূজা সম্পন্ন কৰালে।
প্রায় ৪৭ কোটি টকা ব্যয়ৰে প্ৰতিমা গ্ৰুপৰ স্বত্বাধিকাৰী বইনপল্লি শ্রীনিবাস ৰাৱে এই হেলিকপ্টাৰখন ক্ৰয় কৰিলে। ৰাৱে শ্রীলক্ষ্মী নৰসিংহা স্বামীক হেলিকপ্টাৰখন সমৰ্পণ কৰিবলৈ য়দাদি মন্দিৰলৈ গৈ পূজা-অৰ্চনা কৰালে।