World’s shortest man : এওঁ হৈছে বিশ্বৰ আটাইতকৈ কম উচ্চতাৰ পুৰুষ !

ম'বাইল ব্যৱহাৰ কৰিব নোৱাৰে অফছিনে

8dso51oo afshin

World’s shortest man :

২০ বছৰীয়া এজন যুৱকক বিশ্বৰ আটাইতকৈ কম উচ্চতাৰ ব্যক্তি আখ্যা দিয়া হৈছে । বিশ্বৰ আটাইতকৈ চাপৰ ব্যক্তি হিচাপে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত নিজৰ নাম অন্তৰ্ভুক্ত কৰিলে অফছিন ইছমাইল গাদেৰজাদেহে (Afshin Esmaeil Ghaderzadeh) ।

দুই ফুট এক ইঞ্চি উচ্চতা আৰু ৬.৫ কেজি ওজনৰ ইৰাণী যুৱক অফছিনৰ শৰীৰ অতি দুৰ্বল । সেয়ে তেওঁ ম’বাইলৰ দৰে সৰু বস্তু এটাও ব্যৱহাৰ কৰিব নোৱাৰে ।

জন্মৰ সময়ত অফছিনৰ শৰীৰৰ ওজন মাত্ৰ সাতশ গ্ৰাম আছিল । তেওঁ ইৰাণৰ পশ্চিম আজাৰবাইজান প্ৰদেশৰ বুকান কাউন্টিৰ বাসিন্দা । তেওঁৰ উচ্চতা দুই ফুট এক ইঞ্চি (৬৫.২৪ চে.মি.) ।

অফছিনে কয় যে তেওঁৰ নাম গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত প্ৰকাশ পোৱাৰ পাছত মানুহে তেওঁক চিনি পাব আৰু সহায় কৰিব পাৰিব বুলি আশাবাদী । আফছিনে কয়, তেওঁ আশাবাদী যে তেওঁ তেওঁৰ সকলো সপোন পূৰণ কৰিবলৈ সক্ষম হ’ব ।

কলম্বিয়াৰ ২.৭ ইঞ্চি উচ্চতাৰ ৩৬ বছৰীয়া এডৱাৰ্ড “নিন’ হাৰ্নাণ্ডেজ”ৰ কম উচ্চতাৰ অভিলেখ ভংগ কৰিলে অফছিনে । অফছিনে কয় যে তেওঁ শাৰীৰিকভাৱে দুৰ্বল হোৱা হেতুকে কোনোদিন বিদ্যালয়লৈও যাব নোৱাৰিলে । তেওঁক তেওঁৰ গাঁৱতো কোনো একো কাম নিদিয়ে ।

ম’বাইলো তেওঁৰ ওজনৰ তুলনাত ভাৰি । সেয়ে তেওঁ ম’বাইলো ব্যৱহাৰ কৰিব নোৱাৰে । অফছিনৰ পিতৃ ইছমাইল গাদেৰজাদেহে (Esmaeil Ghaderzadeh) কয় যে তেওঁৰ পুত্ৰ‌ই শাৰীৰিকভাৱে দুৰ্বল হোৱা বাবেই পঢ়া-শুনা কৰিব নোৱাৰিলে । কিন্তু তেওঁ মানসিকভাৱে সম্পূৰ্ণ সুস্থ ।

তেওঁ তিনি বছৰীয়া ল’ৰাৰ কাপোৰ পৰিধান কৰে । অফছিনে শেহতীয়াকৈ নিজৰ নাম লিখিবলৈ শিকিছে । অফছিনে কয় যে তেওঁ নিজৰ জোখৰ কাপোৰ নাপায় ।সেয়ে তেওঁ তিনি বছৰীয়া শিশুৰ জোখৰ কাপোৰ পিন্ধে ।

কাৰ্টুন চাই ভাল পায় :

অফছিনে তেওঁৰ অধিকাংশ সময় কাৰ্টুন চাই অতিবাহিত কৰে । তেওঁৰ প্ৰিয় কাৰ্টুন ‘টম এণ্ড জেৰী’ । শেহতীয়াকৈ তেওঁ ইনষ্টাগ্ৰামত @mohamadghaderzadeh_official একাউণ্টো তৈয়াৰ কৰিছে ।

গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ মুখ্য সম্পাদক ক্ৰেগ গ্লেণ্ডেও অফছিন আৰু তেওঁৰ পৰিয়ালক লগ পোৱাৰ পাছত সুখ প্ৰকাশ কৰে । তেওঁ কয় যে অফছিনে তেওঁৰ আগন্তুক জীৱন চেলিব্ৰিটী হিচাপে অতিবাহিত কৰিবলৈ প্ৰস্তুত থাকক ।

আনহাতে, অফছিনে কয় যে তেওঁ ডুবাইৰ বুৰ্জ খলিফা অট্টালিকাৰ শিখৰত যাব বিচাৰে ।

Exit mobile version