Amla Benefits In Fatty Liver : ফেটি লিভাৰৰ মহৌষধ আমলখি , কিন্তু কেনেকৈ খাব ? জানিবলৈ পঢ়ক –

GettyImages 509797455 5897e9ad3df78caebc8aa4e6

Amla Benefits In Fatty Liver :

আমলখিয়ে শৰীৰত একপ্ৰকাৰ চুপাৰফুড হিচাপে কাম কৰে । ডায়েবেটিছ , বদহজম তথা দুৰ্বল লিভাৰৰ বাবে আমলখি খুবেই উপকাৰী । মস্তিষ্ক শক্তিশালী কৰাৰ সমান্তৰালকৈ কেন্সাৰ প্ৰতিৰোধ কৰাতো আমলখিয়ে সহায় কৰে ।

লিভাৰৰ টক্সিনৰ পৰা মুক্তি লাভ কৰাতো আমলখিৰ ভূমিকা অতুলনীয় । আটাইতকৈ উল্লেখনীয় কথা হৈছে যে ,এই উপকাৰী ফলেই শৰীৰৰ হাইপাৰলিপিডেমিয়া তথা মেটাবলিক চিনড্ৰম হ্ৰাস কৰে ।

বিশেষকৈ লিভাৰ মানৱ দেহৰ অত্যন্ত গুৰুত্বপূৰ্ণ অংগ । ই মানুহৰ শৰীৰত একেলগে বহু কাম নিয়ন্ত্ৰণ কৰে । যেনেকৈ হজম কৰা , পিত্ত তৈয়াৰ কৰা , সংক্ৰমণ ৰোধ কৰা , শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰা আদি প্ৰায়খিনি কাম লিভাৰৰ যোগেদিয়েই পৰিচালিত হয় ।

তেনেক্ষেত্ৰত লিভাৰৰ কোনো সমস্যা হ’লে , তাৰ প্ৰভাৱ আমাৰ গোটেই দেহত পৰে । কিন্তু আমলখি হৈছে এনে এটা ফল , যিটো খালে লিভাৰ সদায় সুস্থ হৈ থাকে ।

বিশেষকৈ চুলি আৰু ছালৰ বাবেও আমলখি ব্যৱহাৰ কৰা হয় । ডাঙৰ কথা হৈছে যে, ফেটি লিভাৰৰ বিৰুদ্ধেও আমলখিয়ে যুদ্ধ কৰে । আমলখিত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে , যি ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা বৃদ্ধি কৰাৰ সমান্তৰালকৈ বিভিন্ন ধৰণৰ সংক্ৰমণ ৰোধ কৰে । পৰিপাক প্ৰক্ৰিয়া দুৰ্বল থাকিলে আমলখিয়ে ঔষধৰ কাম কৰে ।

আমলখি খোৱাৰ অনেক উপায় আছে । আটাইতকৈ সহজ উপায় হৈছে চোবাই খোৱা । যিসকলৰ ফেটি লিভাৰৰ সমস্যা আছে , তেওঁলোকে সদায় এটা হ’লেও আমলখি খোৱাৰ অভ্যাস কৰিব লাগে । যদি পাৰে পুৱা শুই উঠি খালি পেটত এগিলাচ আমলখিৰ ৰস খাব লাগে । এনেকৈ খালে খুব সোনকালে ফেটি লিভাৰৰ সমস্যাৰ পৰা মুক্তি পাব পাৰিব ।

বি : দ্ৰ : ওপৰোক্ত প্ৰতিবেদনটো তথ্যৰ ওপৰত আধাৰিত যদিও লিভাৰৰ কোনো সমস্যা আহিলে চিকিৎসকৰ কাষ চপাটো বাঞ্চণীয় ।

Exit mobile version