Gold Smuggling: অসমতো তৎপৰ চোৰাং সোণৰ আন্তঃৰাষ্ট্ৰীয় চক্ৰ

WhatsApp Image 2022 12 18 at 18.44.57

Gold Smuggling :

অসম তথা উত্তৰ-পূবৰ মাজেৰে দেশ-বিদেশৰ বিভিন্ন প্ৰান্তলৈ আন্তঃৰাষ্ট্ৰীয় চক্ৰই অব্যাহত ৰাখিছে চোৰাং সোণৰ সৰবৰাহ। ম্যানমাৰৰ পৰা উত্তৰ-পূবৰ মাজেৰে বিভিন্ন কৌশল অৱলম্বন কৰি দেশৰ বিভিন্ন প্রান্তলৈ সৰবৰাহকাৰী চক্রই সোণৰ এক বৃহৎ চোৰাং ব্যৱসায় অব্যাহত ৰাখিছে।

ৰাজহ চোৰাংচোৱা সঞ্চালকালয়, শুল্ক বিভাগ, আৰক্ষীকে ধৰি বিভিন্ন চৰকাৰী সংস্থাই চলোৱা অভিযানত চলিত বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা যোৱা ৩০ নৱেম্বৰলৈ উত্তৰ-পূবত ১৯১.০৬২ কিলোগ্রাম চোৰাং সোণ জব্দ হোৱা ঘটনাই ইয়াকে প্রমাণিত কৰিছে ।

উল্লিখিত সময়ছোৱাত এই চোৰাং সোণ সৰবৰাহৰ সন্দৰ্ভত সংশ্লিষ্ট সংস্থাসমূহে অসমকে ধৰি মণিপুৰ, মিজোৰাম, অৰুণাচল, মেঘালয়, নগালেণ্ড আৰু ত্ৰিপুৰাত মুঠ ৬০টা গোচৰ ৰুজু কৰিছে।

উল্লেখ্য যে ২০১৯ৰ পৰা চলিত বৰ্ষৰ নৱেম্বৰ পৰ্যন্ত উত্তৰ-পূবত সৰ্বমুঠ ৮৯৩.৩৩৬ কিলোগ্রাম চোৰাং সোণ জব্দ কৰা হৈছে আৰু ইয়াৰ বিপৰীতে ২১৩টা গোচৰ ৰুজু কৰা হৈছে ।

কেন্দ্রীয় বিত্ত মন্ত্রণালয়ে সদৰী কৰা তথ্য অনুসৰি, ২০১৯ত উত্তৰ-পূবৰ ৰাজ্যকেইখনত শুল্ক আৰু ৰাজহ সঞ্চালকালয়ৰ চোৰাংচোৱা সংস্থাকে ধৰি অন্যান্য তদন্তকাৰী সংস্থাসমূহে চলোৱা ৫০টা অভিযানত মুঠ ১৬৬.৮৪৯ কিলোগ্রাম চোৰাং সোণ জব্দ কৰা হৈছে ।

একেদৰে ২০২০ত উত্তৰ-পূবৰ বিভিন্ন প্ৰান্তত চলোৱা ৪৯টা অভিযানত ২৪২.৮৪৫ কিলোগ্রাম আৰু ২০২১ত চলোৱা ৫৬টা অভিযানত মুঠ ২৯৬.৫৮০ কিলোগ্রাম চোৰাং সোণ জব্দ কৰিছে সংশ্লিষ্ট সংস্থাসমূহ।

ইফালে, চলিত বৰ্ষৰ বিগত ১১ মাহত দেশত ৩,০৮৩.৬১৮ কিলোগ্রাম অর্থাৎ ৩০ কুইণ্টল ৮৪ কিলোগ্রাম চোৰাং সোণ জব্দ হৈছে। কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, এই জব্দকৃত সোণৰ বিপৰীতে ৩,৫৮৮টা গোচৰ ৰুজু হৈ আছে আৰু তদন্ত অব্যাহত আছে।

ইয়াৰ উপৰি বিগত বৰ্ষটোত অর্থাৎ ২০২১ত দেশত সৰ্বমুঠ ২,৩৮৩.৩৮১ কিলোগ্রাম, ২০২০ত ২,১৫৪.৫৮১ কিলোগ্ৰাম আৰু ২০১৯৩ ৩,৬৭৩.০৪৩ কিলোগ্রাম চোৰাং সোণ দেশৰ বিভিন্ন সংস্থাসমূহে জব্দ কৰিবলৈ সক্ষম হৈছে ।

এই জব্দকৃত সোণৰ বিপৰীতে ২০১৯৩ ৪,৪০৪ টা, ২০২০ত ২,৫৬৭টা আৰু ২০২১ ২,৪৪৫টা গোচৰ ৰুজু হৈ আছে ।

উল্লেখ্য যে বিগত প্রায় চাৰি বছৰত অৰ্থাৎ ২০১৯ৰ পৰা চলিত বৰ্ষৰ ৩০ নৱেম্বৰলৈ দেশৰ ভিতৰতে সৰ্বাধিক চোৰাং কোলাত জব্দ হৈছে। নত এই সময়ছোৱাত জব্দ হোৱা মুঠ ২,৫০৮.৭২৭ কিলোগ্রাম চোৰাং সোণৰ ভিতৰত ৭২৫.২৫১ কিলোগ্রাম ২০১৯৩, ৪০৬.৩৯০ কিলোগ্রাম ২০২০৩, ৫৮৬.৯৫২ কিলোগ্রাম ২০২১ত আৰু ৬৯০.১৩৪ কিলোগ্রাম চোৰাং সোণ চলিত বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা ৩০ নৱেম্বৰ পৰ্যন্ত জব্দ কৰা হৈছে ।

সমান্তৰালভাৱে তামিলনাডুত এই চাৰি বছৰত ১,৭৮৯.৪৫০ কিলোগ্রাম চোৰাং সোণ জব্দ কৰা হৈছে। তথ্য অনুসৰি ৰাজ্যখনত চলিত বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা ৩০ নৱেম্বৰ পৰ্যন্ত ৪৩৯.৭৮৭ কিলোগ্রাম চোৰাং সোণ সংশ্লিষ্ট সংস্থাসমূহে জব্দ কৰাৰ উপৰি ২০১৯ত ৬৫২.৫৪২ কিলোগ্রাম, ২০২০ত ৩৭৫ কিলোগ্ৰাম আৰু ২০২১ত ৩২২.১১৪ কিলোগ্রাম চোৰাং সোণ জব্দ কৰা হৈছে।

ইয়াৰ উপৰি ২০১৯ৰ পৰা চলিত বৰ্ষৰ ৩০ নৱেম্বৰ পৰ্যন্ত দিল্লী, হাৰিয়ানা, ৰাজস্থান, পাঞ্জাৱ, হিমাচল প্রদেশ, চণ্ডীগড়, জম্মু-কাশ্মীৰ আৰু লাডাখত ১,৭৮২.২৮১ কিলোগ্রাম, মহাৰাষ্ট্ৰত ১,৩৫৯.৪০২ কিলোগ্রাম,পশ্চিমবংগত ১,২৫৫.৯৭১ কিলোগ্রাম, তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশত ৫০৬.৫৮০ কিলোগ্রাম, মধ্যপ্রদেশ আৰু চত্তিছগড়ত ৮৭.০৪৮ কিলোগ্রাম, কৰ্ণাটকত ৩০৩.২৩৯ কিলোগ্রাম, গোৱাত ৩৪.০৮১ কিলোগ্রাম চোৰাং সোণ জব্দ কৰা হৈছে।

একেদৰে এই সময়ছোৱাত বিহাৰ, ঝাৰখণ্ড, উত্তৰপ্ৰদেশ আৰু উত্তৰাখণ্ডত ৮২৪.৭৪০ কিলোগ্রাম, গুজৰাট, দাদৰা আৰু নগৰ হাভেলী, দমন আৰু ডিউত ২৯৬.৮৮০ কিলোগ্ৰাম আৰু ওড়িছাত ২০.৮৮৪ কিলোগ্রাম চোৰাং সোণ জব্দ হোৱাৰ তথ্য বিত্ত মন্ত্রণালয়ে প্ৰকাশ কৰিছে।

উল্লেখ্য যে জব্দকৃত এই বৃহৎ পৰিমাণৰ চোৰাং সোণৰ বৃহৎ অংশই ম্যানমাৰৰ পৰা উত্তৰ-পূবৰ মাজেৰে সৰবৰাহ হোৱা বুলি তদন্তকাৰী সংস্থাৰ সূত্ৰই সদৰী কৰিছে।

Exit mobile version