Gst Council Meeting:জিএছটি পৰিষদৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

কেতবোৰ সামগ্ৰীৰ ওপৰত বলবৎ নহয় জিএছ টি

WhatsApp Image 2022 12 18 at 11.28.00 1

Gst Council Meeting:

নতুন দিল্লীত অনুষ্ঠিত হোৱা জিএছটি পৰিষদৰ বৈঠকত লোৱা হয় কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ ইয়াৰ জৰিয়তে সৰ্বসাধাৰণ সাধাৰণ জনতা সাময়িক সকাহ পোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে সচেতন মহলে ৷

জিএছটি পৰিষদৰ শেহতীয়া বৈঠকত নতুন কোনো সামগ্ৰীৰ ওপৰত আৰোপ কৰা নাই কৰ ৷ বহু চৰ্চিত গুটকা আৰু পাণ মচলাৰ ওপৰত কৰ আৰোপ কৰাৰ কথা ওলাইছিল যদিও বৈঠকত এই সন্দৰ্ভত কোনো সিদ্ধান্ত লোৱা নহ’ল ৷

এই সম্পৰ্কত দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে,জি এছ টি বৈঠকত গুটকা আৰু পাণ মচলাৰ ওপৰত কৰ আৰোপ কৰাৰ বিষয়ে আলোচনা কৰাৰ কথা আছিল যদিও সময়ৰ অভাৱৰ বাবে এই বিষয়ে সিদ্ধান্ত ল’ব পৰা নগ’ল ৷

আনহাতে বাকলি থকা দাইলৰ ওপৰত পূৰ্বতে থকা পাঁচ শতাংশ কৰ জিএছটি পৰিষদে শূন্যলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত লয় ৷ একেদৰে অনলাইন গ্ৰেমিং ওপৰতো কৰ আৰোপ কৰা নহ’ল ৷

বিত্তমন্ত্ৰী গৰাকীয়ে আৰু কয় যে, জি এছ টি পৰিষদৰ বৈঠকত পৰ্যাপ্ত সময়ৰ অভাৱৰ বাবে মুঠ পোন্ধৰটা বিষয়ৰ ভিতৰত মাত্ৰ আঠটা বিষয়ৰ ওপৰত হয়তো ল’ব পাৰে সিদ্ধান্ত

জি এছ টিৰ ওপৰত আপীল কৰিবৰ বাবে এখন ন্যায়াধীশকৰণ গঠনৰ সন্দৰ্ভত কোনো সিদ্ধান্ত ল’ব নোৱাৰিলে পৰিষদে ৷
আনকি পান মচলা আৰু গুটখা ব্যৱসায়ত কৰ ফাঁকি ৰোধ কৰণৰ ক্ষেত্ৰত পৰিষদে কঠোৰ নীতি লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

Exit mobile version