Nagaon Sessions Judge Judgement Order : ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ ৰায়দান সত্ৰ ন্যায়াধীশৰ

ড্ৰাগছ সৰবৰাহকাৰীক ২০ বছৰ সশ্ৰম কাৰাদণ্ড,জৰিমনা ৩ লাখৰ

WhatsApp Image 2022 12 18 at 13.06.40

Nagaon Sessions Judge Judgement Order :

ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ ৰায়দান নগাঁও জিলা সত্ৰ ন্যায়াধীশৰ। আদালতত স্পেচিয়েল এন ডি পি এছ১৭/২১ নম্বৰত চলি থকা এক ড্ৰাগছ সম্বন্ধীয় এক গোচৰৰ ৰায়দানত কুখ্যাত ড্ৰাগছ মাফিয়া হাবুল আলীৰ বিৰুদ্ধে সশ্ৰম কাৰাদণ্ড ঘোষণা কৰে ন্যায়াধীশে ৷

উল্লেখ্য যে, কুখ্যাত ড্ৰাগছ মাফিয়াটো বিগত ২০২০ৰ ছয় ডিচেম্বৰত দুই কোটি পঞ্চাশ লাখ টকাৰ ব্ৰাউন ছুগাৰ সহ গ্ৰেপ্তাৰ কৰিছিল জাজৰিৰ থানাৰ তদানীন্তন ভাৰপ্ৰাপ্ত বিষয়া পুলক কুমাৰৰ নেতৃত্বত যোৱা আৰক্ষী দল এটাই ৷

নগাঁও সত্ৰ ন্যায়াধীশে অপৰাধীটোক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে ৩ লাখ টকাৰ জৰিমনা বিহে।আনহাতে জৰিমনা আদায় নিদিলে আৰু ৩ বছৰ কাৰাদণ্ড বৃদ্ধিৰ নিৰ্দেশ জাৰি কৰে ৷

Exit mobile version