UP Beggar : দুৰ্ঘটনাত আহত ভিক্ষাৰীৰ পকেটৰ পৰা ওলাল লাখ লাখ টকা !

1671350908 beggars

UP Beggar :

দুৰ্ঘটনাত আহত এজন ভিক্ষাৰীৰ পকেটৰ পৰা উদ্ধাৰ হৈছে লাখ লাখ টকা । ভিক্ষাৰীজনক উদ্ধাৰ কৰিবলৈ গৈ তেওঁৰ পকেটত ইমান টকা দেখি হতবাক হয় আৰক্ষী । উত্তৰ প্ৰদেশৰ গোৰখপুৰত শনিবাৰে বিয়লি সংঘটিত হয় এই ঘটনা ।

আৰক্ষীয়ে জনোৱা অনুসৰি, ভিক্ষাৰীজনৰ পকেটৰ পৰা মুঠ তিনি লাখ ৬৪ হেজাৰ টকা উদ্ধাৰ কৰা হৈছে।এজন আৰক্ষী বিষয়াই জনোৱা মতে, দুহেজাৰ টকাৰ নোটৰ আটাইকেইটা বাণ্ডল উদ্ধাৰ কৰা হৈছে ।

আৰক্ষী বিষয়া মনোজ কুমাৰ পাণ্ডেয়ে কয়, “ভিক্ষাৰীজনৰ নাম শ্বৰীফ বাউংক। ৫০ বছৰীয়া ব্যক্তিজন পিপ্ৰাইচ অঞ্চলৰ বাসিন্দা। ধন উদ্ধাৰৰ বিষয়ে বৰ্ণনা কৰি মনোজে কয়, “আমি তথ্য পাইছিলো যে এজন বিশেষভাৱে সক্ষম ভিক্ষাৰী দুৰ্ঘটনাত পতিত হৈছে। আমি ঘটনাস্থলীলৈ গৈ তেওঁক যন্ত্ৰনাত ছটফটাই আছে । আমি তেওঁক চিকিৎসালয়লৈ পঠিয়াবলৈ তেওঁৰ চিত্ৰ পৰিচয় পত্ৰ বিচাৰি আছিলো। তেতিয়াই তেওঁৰ পকেটৰ পৰা টকাখিনি পোৱা গৈছে। “

চিকিৎসকসকলে জনাইছে, দুৰ্ঘটনাটোত তেওঁৰ এখন ভৰি ভাঙি গৈছে । কিন্তু মানুহজনৰ ওচৰলৈ কেনেকৈ ইমান টকা আহিল তাৰ কোনো উত্তৰ পোৱা নাই । প্ৰথমতে, আৰক্ষীয়ে টকাখিনি জব্দ কৰে । আৰক্ষীয়ে অনুসন্ধান কৰি আছে যে টকাখিনি ক’ৰ পৰা আহিছিল।

Exit mobile version