Achieve Award:সাদিন-প্ৰতিদিন গোষ্ঠী’ৰ এচিভাৰ এৱাৰ্ডছৰ অনুষ্ঠানত প্ৰাক্তন ৰাষ্ট্ৰপতি কোভিন্দ

মুখ্যমন্ত্ৰীৰো অংশগ্ৰহণ

WhatsApp Image 2022 12 19 at 19.32.28

Achieve Award:

অসমৰ সংৱাদজগতৰ চিনাকী মুখ’সাদিন-প্ৰতিদিন’ গোষ্ঠীয়ে ৰাজ্যৰ কেইবাজনো বিশিষ্ট ব্যক্তিলৈ বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা “সাদিন প্ৰতিদিন গোষ্ঠী’ৰ এচিভাৰ এৱাৰ্ডছ-২০২২” প্ৰদান অনুষ্ঠানত দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ সৈতে উপস্থিত থাকে মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই

মহানগৰীৰ পাশ্বৱৰ্তী ইউনিভাৰ্চিটি অৱ চায়েন্স এণ্ড ট্ৰেকনলজি মেঘালয়ৰ সভাগৃহত আজি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থকা প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে নিজৰ ভাষণত কয়, এই অনুষ্ঠানলৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু সাদিন-প্রতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাই মোক আমন্ত্রণ জনাইছিল।

আমন্ত্রণ লাভ কৰাৰ পিছতেই মই অনুষ্ঠানৰ প্রতি সহাঁৰি আগবঢ়াও। কাৰণ অসমৰ সৈতে মোৰ এক মধুৰ সম্পৰ্ক আছে।

অসমক তেওঁৰ দ্বিতীয়খন ঘৰ বুলি উল্লেখ কৰি ৰামনাথ কোবিন্দে কয়, অসম মোৰ বাবে দ্বিতীয়খন ঘৰ। অসমবাসীৰ মৰম সদায় মোৰ হৃদয়ত থাকিব। অতিথিপৰায়ণতা অসমবাসীৰ পৰা শিকিবলগীয়া।

অসমৰ প্রাকৃতিক সৌন্দৰ্যই মোক আপ্লুত কৰে। অসমত প্রাকৃতিক সৌন্দৰ্য আছে, সৌভাগ্য আছে। ভাষণত তেওঁ বঁটা লাভ কৰা প্ৰতিগৰাকী ব্যক্তিলৈ অভিনন্দন জনাই কয়, বঁটা প্ৰাপক প্ৰতিগৰাকী ৰাষ্ট্রনিৰ্মাতা।

ভাৰত ৰত্ন, সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ গীত আওঁৰাই ভাষণৰ মাজতে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱকো স্মৰণ কৰে।

আনহাতে অনুষ্ঠানত সন্মানীয় অতিথি ৰূপে অংশ লৈ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, উত্তৰ পূৰ্বাঞ্চলৰ কণ্ঠ হিচাপে পৰিগণিত হৈ পৰা সাদিন -প্ৰতিদিন গোষ্ঠীয়ে বিগত ৮ বছৰ ধৰি প্ৰতি বছৰে সমাজ, সংস্কৃতি, শিল্প, সাহিত্য, ক্ৰীড়া, পৰিৱেশকে ধৰি বিভিন্ন শিতানলৈ অনবদ্য অৱদান আগবঢ়াই অহা বিশিষ্ট ব্যক্তিসকললৈ আগবঢ়োৱা “এচিভাৰ্ছ এৱাৰ্ড” বঁটাপ্ৰাপ্ত প্ৰতিজন ব্যক্তিলৈ শুভকামনা যঁচাৰ লগতে প্ৰায় ৮০ দশকৰ পৰা সংবাদ মাধ্যমৰ জৰিয়তে অসমীয়া সমাজ জীৱনৰ অভিন্ন অংগ হৈ পৰা “সাদিন-প্ৰতিদিন” গোষ্ঠীৰ অনাগত দিনত উত্তৰণৰ দিশে গতি কৰিব বুলি উল্লেখ কৰে ৷

এই অনুষ্ঠানতে বিশিষ্ট নাট পৰিচালক ,আজীৱন নাট্যকৰ্মীলৈ দুলাল ৰয়ক জীৱনযোৰা সাধনা এচিভাৰ এৱাৰ্ডছ-২০২২ প্ৰদান কৰা হয় ৷ বঁটাটি নাট্যকৰ্মী হাতত তুলি দিয়ে প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা আৰু সাদিন গোষ্ঠীৰ মুৰব্বী জয়ন্ত বৰুৱাই ৷

আনহাতে “সাদিন-প্ৰতিদিন” গোষ্ঠীৰ স্বতাধিকাৰী জয়ন্ত বৰুৱাৰ ব্যক্তিগত প্ৰচেষ্টাত প্ৰাণ পাই উঠা ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ “হেমকোষ” দৃষ্টিহীনসকলৰ সুবিধাৰ্থে ব্ৰেইল সংস্কৰণত মুদ্ৰিত আনুষ্ঠানিক ভাৱে শুভ উন্মোচন কৰে প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৷

Exit mobile version