Alien : পৃথিৱীত এলিয়েনৰ অস্তিত্বৰ সম্পৰ্কত কি কলে আমেৰিকাই 

download 20

Alien :

পৃথিৱীৰ বাহিৰে অন্য কোনো গ্ৰহত প্ৰাণীৰ অস্তিত্ব বিচাৰি যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা মন্ত্ৰাণালয় পেণ্টাগনে বহু গৱেষণা চলাই আহিছে ।

মূলত মাৰ্কিন সামৰিক কৰ্মকৰ্তাই বিভিন্ন সময়ত ভিন্ন গ্ৰহৰ প্ৰাণীৰ যান ( ইউএফঅ’) দেখা বুলি দাবী কৰাৰ পাছতেই তদন্তত নামি পৰিছিল পেণ্টাগনৰ এদল গৱেষক ।

দীৰ্ঘ গৱেষণাৰ অন্তত মাৰ্কিন মন্ত্ৰণালয়ে জনাইছে যে , পৃথিৱীত এলিয়েনৰ কোনো অস্তিত্ব আৱিষ্কাৰ হোৱা নাই । আনকি ভিন্ন গ্ৰহৰ প্ৰাণীৰ কোনো যানো পৃথিৱীত দেখা পোৱাৰ প্ৰমাণ পোৱা হোৱা নাই ।

১৬ ডিচেম্বৰত এই সন্দৰ্ভত পেণ্টাগনৰ জ্যেষ্ঠ সামৰিক কৰ্মকৰ্তা ৰোনাল্ড মোলট্ৰিয়ে এক তথ্য দাঙি ধৰি কয় যে , আকাশ-মহাকাশত তথা জলস্তৰতো কোনো এলিয়েন যানৰ সম্ভেদ পোৱা হোৱা নাই । ইতিমধ্যে বহুখিনি প্ৰতিবেদন আমি যুগুত কৰি উলিয়াইছো । এই সকলো প্ৰতিবেদন পৰ্যবেক্ষণ কৰি আমি এই পৰ্যন্ত কোনো তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই ।

সামৰিক কৰ্মকৰ্তাজনে আৰু কয় যে , অৱশ্যে প্ৰতিবেদন সমূহত এইকথা কোৱা হৈছে , বিগত সময়ত পৃথিৱীত এলিয়েনৰ আগমণ হৈছিল । একেদৰে পেণ্টাগনৰ নৱগঠিত অল ডোমেইন এনোমালি ৰেজ্যুলেচন বিষয়া (এএআৰঅ’) , পৰিচালক চিন কিৰ্কপ্যাট্ৰিকে কয় যে , পৃথিৱীৰ বাহিৰে বিশ্ব ব্ৰক্ষ্মাণ্ডত কোনো এলিয়েনৰ অস্তিত্ব লাভ কৰাৰ সম্ভাৱনাও নাই ।

ইফালে বিগত বৰ্ষত যুক্তৰাষ্ট্ৰত প্ৰকাশিত এটা প্ৰতিবেদনত এই কথা কোৱা হৈছে যে , ২০০৪ বৰ্ষৰ পৰা ২০২১ বৰ্ষ লৈকে যুক্তৰাষ্ট্ৰৰ সামৰিক কৰ্মকৰ্তাই ১৪০ বাৰতকৈ বেছি আকাশত এক অস্বাভাৱিক বস্তু দেখা পোৱাৰ দাবী কৰিছিল । এই অস্বাভাৱিক বস্তুটো দেখাত এটা বেলুন আকৃতিৰ স্তম্ভ আছিল ।

এই সন্দৰ্ভত পেণ্টাগণৰ প্ৰতিবেদনত কোৱা হৈছে যে , এই বিষয়টোৰ সন্দৰ্ভত বৰ্তমানো তদন্ত চলি আছে । অৱশ্যে যুক্তৰাষ্ট্ৰই ৰাছিয়া আৰু চীনে কোনো বাণিজ্য়িক কাৰণত এই অস্বাভাৱিক বস্তু তৈয়াৰ কৰিছিল উল্লেখ কৰে ।

Exit mobile version