Assam Legislative Assembly winter Session: মঙলবাৰৰ পৰা ৰাজ্য বিধানসভাৰ শীতকালীন অধিৱেশন

সদনত চৰকাৰে উদ্থাপন কৰিব ১২খন বিল

WhatsApp Image 2022 12 19 at 19.52.25

Assam Legislative Assembly winter Session:

পাঁচদিনীয়া কাৰ্যসূচীৰে মঙলবাৰৰ পৰা আৰম্ভ হ’ব অসম বিধানসভাৰ শীতকালীন অধিৱেশন । এই অধিৱেশনত চৰকাৰে মুঠ ১২খন বিল উত্থাপন কৰিব ৷

বিধানসভাৰ প্ৰধান সচিব হেমেন দাসে সোমবাৰে সংবাদ মাধ্যমক সদৰি কৰা মতে এখন ৰিপীল বিল আৰু আন এঘাৰখন এমেণ্ডমেণ্ট বিল উদ্থাপন হ’ব সদনত ৷

আনহাতে শীতকালীন অধিৱেশনৰ বাবে সাজু হৈছে শাসক-বিৰোধী ৷ চৰকাৰৰ বিৰুদ্ধে ৰণনীতি তৈয়াৰ কৰিছে প্ৰধান বিৰোধী দল কংগ্ৰেছে ৷

সদনত চৰকাৰৰ বিভিন্ন জনবিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধে সৰব হ’ব কংগ্ৰেছ বিধায়ক সকল ৷ এই কথা উল্লেখ কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ৷

একেদৰে এ আই ইউ ডি এফেও বটদ্ৰৱাত আজিৰ পৰা আৰম্ভ কৰা উচ্ছেদ আৰু বিভিন্ন চৰকাৰী আচঁনিৰ হোৱা অনিয়ম সন্দৰ্ভত সদনত সাজোৰে সোচ্ছাৰ হোৱাৰ কথা ব্যক্ত কৰে এ আই ইউ ডি এফৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাই ৷

আনপিনে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ আৰু চিপিএমৰ একমাত্ৰ বিধায়ক জনেও চৰকাৰৰ শেহতীয়া গণবিৰোধী পদক্ষেপৰ বিৰুদ্ধে সদনত সৰব হোৱাৰ বিষয়ে প্ৰকাশ কৰে ৷

Exit mobile version