Batadrava Eviction : নগাঁৱৰ বটদ্ৰৱাত বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান আৰম্ভ

WhatsApp Image 2022 12 19 at 14.09.16

Batadrava Eviction :

চৰকাৰী ভূমিত বেদখল কৰি থকা নগাঁও জিলাৰ বটদ্ৰৱাৰ বেদখলী ভূমিত সোমবাৰে পুৱাৰে পৰা যুদ্ধকালীত তৎপৰতাতে আৰম্ভ হয় উচ্ছেদ অভিযান।

উল্লেখ্য এসপ্তাহ পূৰ্বৰে পৰা বেদখলী স্থানত ছয় শতাধিক আৰক্ষী তিনিদিনৰ পৰা বটদ্ৰৱা বীজ পামৰ মুকলি পথাৰত বাহৰ পাতি সামৰিক আখৰাৰ লগতে বেদখলী ভূমিৰ দাঁতিকাষৰীয়া অঞ্চলত ফ্লেগমাৰ্চ কৰে ৷ দেওবাৰে আৰক্ষী আৰু বেটেলিয়নে অস্ত্ৰ- শস্ত্ৰৰে সু-সৰ্জিত হৈ বীজ পামৰ মুকলি পথাৰত আখৰা কৰা দেখা যায় ।

কেইবাশ আৰক্ষীৰ যুদ্ধকালীত তৎপৰতাৰ মাজতে সোমবাৰে কাহিলীপুৱাৰে পৰা বহু বেদখলকাৰীয়ে নিজৰ বাসগৃহ উচ্ছেদ কৰি অন্য স্থানলৈ পৰিয়ালসহ স্থানান্তৰিত হয় ৷

ইয়াৰ বিপৰীতে এতিয়াও বহু পৰিয়ালে বহু বছৰ ধৰি বসবাস কৰি থকাৰ অচিলা লৈ এতিয়াও বাসগৃহ ত্যাগ কৰাৰ পৰা বিৰত আছে ৷

প্ৰাপ্ত খবৰ মতে বেদখল কৰি থকা অধিকাংশৰে অন্য স্থানত ভূমি আছে যদিও বটদ্ৰৱা হেজাৰ হেজাৰ ভূমি দীৰ্ঘদিন ধৰি অবৈধভাৱে দখল কৰি আহিছে ৷ হাইডুবি বীজ পাম আৰু হাইডুবিত পূ্বে সাতবাৰকৈ উচ্ছেদ অভিযান চলোৱা হৈছিল যদিও পৰৱৰ্তী সময়ত উচ্ছেদিত পৰিয়াল সমূহ পুনৰ ঘূৰি আহি ঘৰবাৰী গঢ়ি তোলে ৷

সোমাবাৰে উচ্ছেদ অভিযান আৰম্ভ কৰাৰ পূৰ্বে দেওবাৰে দুপৰীয়া অসম আৰক্ষীৰ মধ্য মণ্ডলৰ উপ- মহাপৰিদৰ্শক সত্যকাম হাজৰিকাই নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলৈৰ স’তে বটদ্ৰৱাত উপস্থিত হৈ বেদখলকৃত স্থান সমূহ পৰিদৰ্শন কৰি পৰিস্থিতি বুজ লয় ৷

সোমবাৰে গুৰুজনাৰ ওপজা ভূমি বটদ্ৰৱা থানৰ সমীপস্থ শান্তিজান বজাৰ, হাইডুবি পথাৰ, হাইডুবি কৃষি বীজ পাম, ভোমোৰাগুৰি গ্ৰেজিং ৰিজাৰ্ভ, ৰামপুৰ সত্ৰ, লালুং গাঁও, ধনিয়াভেটী, উচ্ছেদ অভিযান আৰম্ভ কৰে ৷

মনকৰিবলগীয়া যে আজি পুৱাৰে পৰা কটকটীয়া নিৰাপত্তা বেষ্টনী মাজত আৰম্ভ হোৱা উচ্ছেদ অভিযানৰ পূৰ্বে দেওবাৰে আবেলি ভাগত জিলা দণ্ডাধীশে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ ১৪৪ধাৰা জাৰি কৰে ৷

Exit mobile version