Cooking Gas : পাঁচশ টকাত ৰন্ধন গেছ ! ঘোষণা হ’ল দেশৰ এখন ৰাজ্যত, কোনে কেতিয়াৰ পৰা পাব ?

WhatsApp Image 2022 12 19 at 21.29.02

Cooking Gas :

ৰন্ধন গেছ চিলিণ্ডাৰৰ দাম প্রায় অর্ধেক কৰাৰ সিদ্ধান্ত ল’লে ৰাজস্থানৰ অশোক গহলৌত চৰকাৰে । যদিও এতিয়াই নহয়, এই সুবিধা পাব আগন্তুক বছৰৰ পৰা ।

সোমবাৰে ৰাজস্থানৰ মুখ্যমন্ত্রীৰ ঘোষণা, এক এপ্রিলৰ পৰা পাঁচশ টকাত ৰন্ধন গেছ চিলিণ্ডাৰ ক্ৰয় কৰিব পাৰিব দৰিদ্র সীমাৰেখাৰ তলত থকা ৰাজ্যবাসীসকলে । যদিও যিসকলে উজ্জ্বলা যোজনাত নিজৰ নাম নথিভুক্ত কৰিছে, কেৱল মাত্র তেওঁলোকে এই দামত গেছ চিলিণ্ডাৰ পাব ।

ভাৰত জোড়ো যাত্রাত সম্প্ৰতি ৰাজস্থানত আছে কংগ্রেছৰ প্রাক্তন সভাপতি ৰাহুল গান্ধীসহ দলীয় নেতা-নেত্রীসকল । সোমবাৰে ৰাহুলৰ উপস্থিতিত এক জনসভাত ৰন্ধন গেছৰ বৰ্ধিত দাম সন্দৰ্ভত নৰেন্দ্র মোদী চৰকাৰক কটাক্ষ কৰে গহলৌতে ।

কংগ্রেছৰ এই প্রবীণ নেতাজনে কয়, ‘‘আগন্তুক মাহৰ বাজেটৰ প্রস্তুতি লৈছো… সম্প্ৰতি এটাই কথা ক’ব বিচাৰো । উজ্জ্বলা যোজনাৰ অধীনত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দৰিদ্ৰসকলক এলপিজি সংযোগ আৰু গেছৰ আভেন দিছো । কিন্তু সেই চিৰিণ্ডাৰ খালি থাকি যায় । কাৰণ তাৰ দাম চাৰিশৰ পৰা ১,০৪০ টকা ।’’

ইয়াৰ পাছতেই তেওঁৰ ঘোষণা, আগন্তুক বছৰৰ এপ্রিলৰ প্রথম দিনাখনৰ পৰাই পাঁচশ টকাত চিলিণ্ডাৰ পাব দৰিদ্ৰসকলে । তেওঁ কয়, ‘‘উজ্জ্বলা যোজনাত নাম অন্তৰ্ভুক্ত কৰা দৰিদ্ৰসকলে বছৰে ১২টাকৈ (ৰন্ধন গেছৰ) চিলিণ্ডাৰ পাঁচশ টকাত দিম আমি ।’’

ঘটনাচক্রে, আগন্তুক বছৰতেই ৰাজস্থানত বিধানসভা নির্বাচন হ’ব । ফলত গহলৌতৰ এই ঘোষণাৰ অন্তৰালত ভোটবাকচৰ অংক কাম কৰিছে বুলিও ধাৰণা অনেকৰ ।

যদিও গহলৌতৰ দাবী, মোদীৰ শাসনকালত নিবনুৱা আৰু মূল্যবৃদ্ধিৰ বোজাত জর্জৰিত সমগ্ৰ দেশ । এই চৰকাৰে যে দেশৰ অর্থনীতি ধ্বংস কৰি দিছে, সেই দাবীও কৰিছে তেওঁ ।

Exit mobile version