Covid 19 : ২০২৩ বৰ্ষলৈকে চীনত কৰ’নাত মৃত্যু হ’ব ১০ লাখ লোকৰ

delhi covid 19 death 7ff2e1e4 3d6f 11eb b180 736642f23257

Covid 19 :

আমেৰিকাৰ ইনষ্টিটিউট অৱ হেলথ মেট্রিক্স এণ্ড ইভেলুৱেচন (আইএইচএমই)ৰ এক অধ্যয়নৰ প্রতিবেদনত দাবী কৰা অনুসৰি, ২০২৩ বৰ্ষৰ ভিতৰত চীনত কৰ’নাত ১০ লাখৰো অধিক লোকৰ মৃত্যু হ’ব।

চীনে নাগৰিকৰ হেঁচাত ক’ভিড শূন্য নীতি শিথিল কৰিবলৈ বাধ্য হোৱাৰ পাছত দেশখনত উদ্ভৱ হোৱা ক’ভিডকেন্দ্ৰিক উদ্বেগ অব্যাহত থকাৰ সময়তে মার্কিন সংস্থাৰ প্ৰতিবেদনত প্রকাশিত এই তথ্যই চীনৰ উদ্বেগ বৃদ্ধি কৰিলে৷

আইএইচএমইৰ অনুমান অনুসৰি, ২০২৩ৰ এপ্ৰিলত চীনত কৰ’নাৰ সংক্রমণ সৰ্বাধিক হ’ব আৰু সেই সময়ত মৃত্যুৰ সংখ্যা তিনি লাখ ২২ হেজাৰলৈকে বৃদ্ধি পোৱাৰ আশংকা আছে।

আইএইচএমইৰ তথ্যত লগতে কোৱা হৈছে যে ২০২৩ৰ এপ্ৰিললৈকে চীনৰ এক তৃতীয়াংশ জনসংখ্যা ক’ভিডত সংক্রমিত হ’ব।

উল্লেখ্য যে চীনে দেশখনত ক’ভিডৰ সংক্ৰমণ আৰু এই ভাইৰাছত মৃত লোকৰ পৰিসংখ্যা গোপনে ৰখাৰ অভিযোগ উত্থাপিত হৈ আহিছে।

আমেৰিকাৰ অধ্যয়নকাৰী প্রতিষ্ঠানটোৱে হংকঙৰ সহযোগত চীনৰ ক’ভিড সংক্ৰমণৰ বিভিন্ন প্রয়োজনীয় তথ্যপাতি সংগ্ৰহ কৰিছিল।

Exit mobile version