Lionel Messi : বিশ্বকাপ জিনাৰ পিছত ফুটবলৰ ৰাজপুত্ৰ লিঅ’নেল মেছীৰ বৃহৎ ঘোষণা

মই এতিয়াই অৱসৰ নলওঁ, ২০২৬ত পুনৰ বিশ্বকাপত ভাগ লোৱা অভিলাষ পুহি ৰাখিছো

FBL WC 2022 MATCH61 ARG CRO 827 1671254863116 1671254863116 1671255849951 1671255849951

Lionel Messi :

বিশ্বৰ ফুটবল অনুৰাগীৰ চৰম উৎকণ্ঠাৰ অন্ত পেলাই কাটাৰ বিশ্বকাপত চেম্পিয়ন হ’ল আৰ্জেণ্টিনা। ২০১৮ ৰ চেম্পিয়ন ফ্ৰান্সক পৰাভূত কৰি বিশ্বজয় কৰিলে মেছীৰ ফুটবল সেনানীয়ে।

উল্লেখ্য যে ফাইনেললৈ ক্ৰমাৎ আগবাঢ়ি যোৱাৰ সময়ত উৰা বাতৰি বিয়পি পৰিছিল কাটাৰ বিশ্বকাপেই মেছিৰ শেষখন বিশ্বকাপ ৷ আৰ্জেণ্টিনাৰ হৈ আৰু কেতিয়াও ফুটবল প্ৰেমী দেখা নাপাব মেছিক৷বিদায় ল’ব তেওঁ ৷

কিন্তু ৩৫ বছৰীয়া মেছিয়ে দেওবাৰে ফ্ৰান্সৰ বিৰুদ্ধে এক স্পন্দনশীল ফাইনেলত তেওঁৰ দেশক গৌৰৱলৈ লৈ যোৱাৰ পিছত উৰা বাতৰিবোৰ দৃঢ়তাৰে বন্ধ কৰি দিছিল। ২০২৬ চনত পৰৱৰ্তী বিশ্বকাপ ঘূৰি অহাৰ সময়ত মেছিৰ বয়স ৩৯ বছৰ হ’ব।খেলৰ পিছৰ এক সাক্ষাৎকাৰত মেছিয়ে কয়,’এয়া যিকোনো লোকৰ শৈশৱৰ সপোন।মই ভাগ্যৱান যে মই এই কেৰিয়াৰত সকলো খিনি অৰ্জন কৰিছো।

আনকি ফুটবলৰ নতুন ৰাজপুত্ৰজনে কয়, মই জানিছিলো ঈশ্বৰে মোক বিশ্বকাপ উপহাৰ দিব।এয়া মোৰ বিশ্বাস আছিল।কিয় জানো মোৰ বাৰে বাৰে ভাৱ হৈছিল যে বিশ্বকাপ আমিয়ে জিকিম।

মই ঈশ্বৰক ধন্যবাদ দিও, তেওঁ মোক সকলো দিলে। মই আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰীয় দলৰ পৰা অৱসৰ ল’বলৈ নাযাওঁ। মই আৰ্জেণ্টিনাৰ জাৰ্চি পিন্ধিয়ে বিশ্বকাপ চেম্পিয়ন হিচাপে খেলি থাকিব বিচাৰো। সকলো ঠিকেই থাকিলে ২০২৬ ত মই পুনৰ বিশ্বকাপত অংশ ল’ম ৷

কাটাৰ বিশ্বকাপ ট্ৰফি হাতত লোৱাৰ পিছতে বিশ্বৰ কোটি কোটি মেছি অনুগামী সকল উৎসাহিত হৈ পৰিছে ৷ তেওঁলোকৰ প্ৰিয় ফুটবলাৰ জনে নলয় অৱসৰ৷ পুনৰ খেলব বিশ্বকাপ ৷

Exit mobile version