Saharanpur : মছজিদত ভিক্ষা কৰিছিল , নিশাৰ ভিতৰতে কোটিপতি হ’ল অনাথ শিশু

medium 2022 12 18 dbf1ece467

Saharanpur :

এটা মছজিদৰ সন্মুখত বহি ভিক্ষা খুজি পেটৰ ক্ষুধা নিবাৰণ কৰিছিল এটি শিশুৱে। মছজিদৰ বাহিৰতে মুকলি আকাশৰ তলতে অতিবাহিত হৈছিল জাৰ-বৰষুণে কোবোৱা নিশাবোৰ।

অথচ ঘটনাৰ আকস্মিকতাত নিশাৰ ভিতৰতে কোটিপতিত পৰিণত হ’ল সেই ১০ বছৰীয়া শিশুটি। ইয়াৰ লগতে শিশুটিয়ে লাভ কৰিলে নিজৰ পৰিয়ালৰ সান্নিধ্যও।

উত্তৰপ্ৰদেশৰ ছাহাৰানপুৰৰ বাসিন্দা আছিল শ্বাহজেব আলম নামৰ ১০ বছৰীয়া শিশুটি। পিতৃ-মাতৃৰ একমাত্র সন্তান। পিতৃ-মাতৃৰ অকাল মৃত্যুত অনাথ হৈ পৰা শিশুটি পৰিয়ালৰ মান সদস্যৰ পৰাও বিচ্ছিন্ন হৈ পৰিছিল।

তাৰ পাছৰে পৰা শ্বাহজেবৰ ঠিকনা হৈ পৰিছিল ৰুৰকিৰ ৰিন কলিয়াৰ মছজিদ। দীর্ঘদিনীয়া ৰোগৰ অন্তত ২০১৯ত শ্বাহজেবৰ পিতৃৰ মৃত্যু হয়।

পিতৃৰ মৃত্যুৰ পূৰ্বেই তেওঁক এৰি শ্বাহজেবৰ মাতৃয়ে যমুনানগৰত থকা নিজৰ পিতৃগৃহলৈ গুচি গৈছিল। পৰৱৰ্তী সময়ত তেওঁ শিশু সন্তানক লৈ পিৰান কলিয়াৰলৈ যায় আৰু তাতে সাধাৰণ কাম এটা জোগাৰ কৰে।

২০২১ত শ্বাহজেবৰ মাতৃৰ ক’ভিডত মৃত্যু হয়। ফলত অনাথ হৈ পৰে শিশুটি। প্রতিবেশীসকলে শিশুটিক কলিয়াৰত আশ্রয় লোৱাৰ পৰামৰ্শ দিয়ে৷ তেতিয়াৰ পৰাই শ্বাহজেবৰ ঠিকনা হৈ পৰে সেই ছুফি সৌধটো।

তাতেই ভিক্ষা কৰি দিন অতিবাহিত কৰিছিল শিশুটিয়ে। অথচ জীৱনটো যে এদিন হঠাৎ সলনি হৈ পৰিব, সেয়া হয়তো শিশুটিয়ে কোনোদিনে কল্পনাও কৰা নাছিল।

শ্বাহজেবৰ ধাৰণাই নাছিল যে মৃত্যুৰ পূৰ্বে ককাকে তাৰ নামত অগাধ সম্পত্তি ৰাখি থৈ যাব বুলি। আচলতে শ্বাহজেবৰ ককাক মহম্মদ য়াকুবে প্রায় দুই কোটি টকাৰ স্থাবৰ সম্পত্তি ৰাখি গৈছি মৃত পুত্ৰ নাভেদৰ একমাত্ৰ পুত্ৰৰ নামত।

মৃত্যুৰ পূৰ্বেই দুমহলা ঘৰৰ লগতে পাঁচ বিঘা মাটি নাতিয়েকৰ নামত তেওঁ উইল কৰিছিল। ২০২১ত মহম্মদৰ মৃত্যু হয়।তাৰ পাছৰ পৰাই পৰিয়ালৰ আন সদস্যসকলে শ্বাহজেবৰ সন্ধান আৰম্ভ কৰিছিল।

এই সন্দৰ্ভত শ্বাহজেবৰ পৰিয়ালে ফেচবুকত এটা প’ষ্ট দিছিল। তাৰ ভিত্তিতে ৰুৰকিৰ উক্ত মছজিদত শ্বাহজেবৰ সন্ধান লায়। তাৰ পাছতে ছাহাৰানপুৰৰ পৰা আহি পৰিয়ালৰ লোকে শিশুটিক নিজৰ ঘৰলৈ নিয়ে।

এই প্ৰসংগত শিশুটিৰ আত্মীয় শ্বাহ আলমে কয়, ‘ল’ৰাটোক পোৱাৰ সকলো আশাই এৰি দিছিলো।’ শ্বাহজেবৰ খুড়াক নৱাজ আলমে কয়, ‘লাহে লাহে সি আমাৰ স’তে মিলিব পাৰিছে। যদিও আৰু সময় লাগিব।’

Exit mobile version