World Most Expensive Phone : বিশ্বৰ সবাতোকৈ দামী ফ’ন ব্যৱহাৰ কৰে নীতা আম্বানীয়ে

দাম শুনিলে আপোনাৰো চকু কপালত উঠিব !

346960

World Most Expensive Phone :

আপুনি জানেনে যে পৃথিৱীত এনে এটা ফোন আছে যাৰ দাম এখন বিমানতকৈও বেছি । ভাৰতৰ ধনকুবেৰ মুকেশ আম্বানীৰ পত্নী নীতা আম্বানীৰ হাতত শোভাবৰ্ধন কৰিছে এনে এটা ফোন , যিটো ফোনৰ দাম এখন বিমানতকৈও বেছি ।

স্মাৰ্টফোন ইণ্ডাষ্ট্ৰিয়ে প্ৰতিদিনে লঞ্চ কৰিছে নিত্যনতুন মডেল । পুনৰ এটা নতুন মডেল লৈ আহিছে এটা কোম্পানীয়ে । স্মাৰ্ট ফোন নিৰ্মাতা প্ৰতিষ্ঠানে প্ৰতিটো বিভাগৰে চাহিদা পূৰণ হোৱাকৈ নিৰ্মাণ কৰিছে এই স্মাৰ্ট ফোন ।

মানুহে নিজৰ বাজেট অনুযায়ী কোনো এটা স্মাৰ্ট ফোন ক্ৰয় কৰে। যাৰ বাজেট ভাল ,তেওঁলোকে নিশ্চয়কৈ এটা দামী ফোন ক্ৰয় কৰে। কিন্তু পৃথিৱীত এনে এটা ফোন আছে , যাৰ দাম এখন বিমানতকৈও অধিক । যিটো বিশ্বৰ আটাইতকৈ দামী ফোন।

এই ফোনৰ দাম ৪৮.৫ মিলিয়ন ডলাৰ অৰ্থাৎ প্ৰায় ৩৯৫ কোটি টকা । ফেলকন চুপাৰনোভা নামৰ এই ফোনটো তৈয়াৰ কৰিছে আইফোন ৬ কাষ্টমাইজে ।

উল্লেখ্য যে , এই ফোনটোত ২৪ কেৰেট সোণেৰে নিৰ্মাণ কৰা হৈছে লগতে পিছফালে এটা অংশ ডাঙৰ গোলাপী ৰঙৰ হীৰা লগোৱা হৈছে ।

সংস্থাটোৱে ফোনটোৰ ওপৰত প্লেটিনামৰ এটা প্ৰলেপো দিছে । বিশেষকৈ ব্যৱহাৰকাৰীয়ে নিৰাপত্তাৰ খাতিৰত চক প্ৰিভেনচন প্ৰযুক্তিও ফোনটোত ব্যৱহাৰ কৰিছে । এই ইতিমধ্যে নীতা আম্বানীয়ে পৃথিৱীৰ এই দামী ফোন ক্ৰয় কৰি বিশ্ববাসীৰ চকু কপালত তুলিছে ।

Exit mobile version