Akhil Gogoi : বিধানসভাৰ অধিৱেশনৰ প্ৰথম দিনটোতে

মাৰ্শ্বাল লগাই উলিয়াই দিয়া হ'ল বিধায়ক অখিল গগৈক

a6511e1a 10fa 4d7b 9c8a c7377fba6f17

Akhil Gogoi :

আজিৰে পৰা পাঁচদিনীয়াকৈ আৰম্ভ হোৱা অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনটোতেহ অঘটন । পুৱা ৯.৩০ বজাৰ পৰা সদনৰ কাৰ্যসূচী আৰম্ভ হোৱাৰ পাছতে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ নিৰ্দেশত মাৰ্শ্বাল লগাই উলিয়াই দিয়া হ’ল শিৱসাগৰৰ বিধায়ক অখিল গগৈক।

বিধানসভাৰ অধিবেশনৰ প্ৰথম দিনটোত প্ৰশ্নোত্তৰ শিতান চলি থকা সময়তে বিধায়ক অখিল গগৈয়ে বাৰে বাৰে নিজৰ আসনৰ থিয় হৈ অন্য কিছু প্ৰশ্ন উদ্থাপন চেষ্টা কৰে ৷

আনকি এই ক্ষেত্ৰত অধ্যক্ষই বাৰম্বাৰ সকীয়নি দিয়াৰ পাছতো নিজৰ স্থিতি অটল হৈ বিধায়ক গৰাকীয়ে এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰাৰ অভিযোগত প্ৰশ্ন–উত্তৰকালীন ঘণ্টাৰ বাবে তেওঁক মাৰ্ছেল লগাই উলিয়াই দিয়া হয়। উল্লেখ্য যে গগৈয়ে সদনত নাৰী নিৰ্যাতন সম্পৰ্কত প্ৰশ্ন উত্থাপনৰ চেষ্টা কৰিছিল ৷

Exit mobile version