AKRSU : আকৌ গৰজি উঠিল আক্ৰাছু

বিটিচি প্ৰধান প্ৰমোদ বড়োক সকীয়নি আক্ৰছুৰ

WhatsApp Image 2022 12 20 at 19.28.35

AKRSU :

ধুবুৰী জিলাৰ গোলকগঞ্জ ৰাজহ চক্ৰ কাৰ্যায়লৰ চৌহদত সদৌ ধুবুৰী পশ্চিম জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা (আক্ৰছু), চিলাৰায় সেনা আৰু কোচ ৰাজবংশী মহিলা সমিতিৰ উদ্যোগত তিনি ঘন্টিয়া ধৰ্না কাৰ্যসূচী ৰূপায়ন কৰে ।

পৃথক কমতাপুৰ ৰাজ্য আৰু কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত গোলকগঞ্জ ৰাজহ চক্ৰৰ চৌহদত তিনি ঘণ্টিয়া ধৰ্না কৰ্য্যসূচী ৰূপায়ন কৰি উত্তাল প্ৰতিবাদ কৰে ।

আক্ৰছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বলৰাম বৰ্মন, সা: সম্পাদক সোনাধৰ ৰায়, সদৌ ধুবুৰী পশ্চিম জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি শ্যাম ৰায়কে ধৰি জিলাখনৰ ভিন্ন প্ৰান্তৰ পৰা অহা শতাধিক আক্ৰাছু কৰ্মীয়ে চৰকাৰ বিৰোধী শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

বিগত বছৰ বছৰ ধৰি কোচ ৰাজবংশী জাতিটোক প্ৰতাৰণা আৰু নিৰ্বাচনৰ সুবিধা লৈ শাসনাধীন বিজেপি চৰকাৰে টোপ দেখুৱাই কোচ ৰাজবংশী জনগোষ্ঠীক ব্যৱহাৰ কৰি আছে বুলি উল্লেখ কৰে আক্ৰাছুৱে

গতিকে এইবাৰ ২০২৪ৰ লোকসভা নিৰ্বচনৰ আগত যদি জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য চৰকাৰে গঠন কৰি নিদিয়ে তেন্তে বিজেপি চৰকাৰৰ বিৰুদ্ধে নিৰ্বাচনৰ পূৰ্বে বৃহৎ প্ৰতিবাদ কৰি নিৰ্বাচনত ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব বুলি হুংকাৰ দিয়ে ।

বিটিচি প্ৰধান প্ৰমোদ বড়োৱে কোচ ৰাজবংশী জনগোষ্ঠীৰ বিষয়ে কৰা মন্তব্যক লৈও প্ৰতিক্ৰিয়া ব্যক্ত কৰে আক্ৰছুৱে ।

কোচ ৰাজবংশী জনগোষ্ঠীক বাদ দি বিটিএডি কেতিয়াও সুৰক্ষিত হ’ব নোৱাৰে । জাতিৰ উত্তৰণৰ বাবে কোচ ৰাজবংশী জনগোষ্ঠীয় লোকসকলক ইউপিপিএল দলৰ পৰা পদত্যাগ কৰিবলৈ আহ্বান জনায় সম্পাদক সোনাধৰ ৰায়ে ।

Exit mobile version