Artificial Flood In Chandmari :মহানগৰীৰ এটা অঞ্চলত হঠাতে জলমগ্ন

খোৱা পানীৰ পাইপ ফুটি ৰাজপথত একাঠু পৰ্যন্ত পানী ,স্থানীয় আবাসীৰ নাজলনাথল অৱস্থা

WhatsApp Image 2022 12 20 at 17.15.02

Artificial Flood In Chandmari :

মহানগৰীৰ যানজঁটৰ বাবে সদা পৰিচিত অঞ্চল চান্দমাৰী ৷ সেই পথেদি যোৱা যিকোনো বাহন চালকেই পথচোৱা অতিক্ৰম কৰিলেই সন্মুখীন হয় যমৰ যাতনা ৷

কিন্ত এইবাৰ চান্দমাৰী পথত ভূতৰ ওপৰত দানহ পৰাৰ দৰে সৃষ্টি হৈছে আন এক হাহাকাৰ পৰিস্থিতি ৷

মঙলবাৰে সদাব্যস্ত পথটোৰ ওপৰত হঠাতে সৃষ্টি হয় একাঠু পৰ্যন্ত পানী ৷ জলমগ্ন হৈ পৰে পথটো ৷ যাৰ ফলত পথচাৰী আৰু বাহন চালক সন্মুখীন হয় নানান অসুবিধাৰ ৷

একেদৰে স্থানীয় লোকৰ চোতালটো কৃত্ৰিম বানৰ সৃষ্টি হয় ৷ এক প্ৰকাৰ নাজলনাথল অৱস্থা হয় আবাসী সকলৰ ৷ প্ৰাপ্ত খবৰ মতে খোৱা পানীৰ পাইপ ফুটাৰ ফলত চান্দমাৰীৰ পথত এইদৰে হঠাতে সৃষ্টি হয় কৃত্ৰিম বান ৷

Exit mobile version