China : টাৱাঙৰ সংঘৰ্ষৰ পাছতে অধিক তৎপৰ হৈছে বেইজিং

সীমান্তত অৱস্থান চীনা যুদ্ধ বিমানৰ

nud3eml china

China :

অৰুণাচল প্ৰদেশৰ টাৱাঙত যোৱা ন ডিচেম্বৰত সংঘটিত ভাৰত-চীন সেনাবাহিনীৰ সংঘৰ্ষৰ পাছতে চীন অধিকৃত তিব্বতত বৃদ্ধি পাইছে চীনা বাহিনীৰ বিমান চলাচল।

চীনৰ পিপ’লছ লিবাছেন আর্মী (পিএলএ)ৰ যুদ্ধবিমান আৰু ড্রোনৰ সংঘন যাতায়াত পৰিলক্ষিত হৈছে। এই সম্পর্কীয় প্রকাশিত ছেটেলাইট ছবিত দেখা গৈছে যে টাৱাঙৰ সংঘৰ্ষৰ পাছতে বেইজিঙে বৃহৎ সংখ্যক ড্রোন আৰু যুঁজাৰু বিমান তিব্বতৰ এক গুৰুত্বপূৰ্ণ বিমান ঘাটিত অৱস্থান কৰাইছে।

এই বিমান ঘাটি ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ সীমান্তৰ সংলগ্ন অঞ্চলত অৱস্থিত। আকাশীপথত চীনৰ তৎপৰতা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত অৰুণাচল প্ৰদেশৰ আকাশত ভাৰতীয় বায়ুসেনা বাহিনীয়েও যুঁজাৰু বিমানৰ টহল অভিযান অব্যাহত ৰাখিছে।

বিগত কেইসপ্তাহত ভাৰতীয় বায়ুসেনা বাহিনীয়ে কমেও দুবাৰ অৰুণাচল প্ৰদেশত ভাৰতৰ আকাশীপথ উলংঘনৰ চীনা যুঁজাৰু বিমানৰ ভাবুকি প্রত্যক্ষ কৰাৰ লগে লগে তৎপৰ হৈ উঠে। হঠাতে চীন অধিকৃত তিব্বতত পিএলএৰ যুঁজাৰু বিমান আৰু ড্রোন চালনা বৃদ্ধিৰ এনে কুচকাৱাজৰ বিষয়ে বিগত কিছুদিন ধৰি ভাৰতৰ প্ৰতিৰক্ষা মন্ত্রণালয় আৰু সেনাবাহিনীৰ বিভিন্ন সূত্ৰই অৱগত কৰি আহিছিল।

সোমবাৰে প্ৰকাশিত ছেটেলাইটৰ দ্বাৰা গৃহীত ছবিত দেখা গৈছে যে তিব্বতৰ চাংডু বাংড়া বিমানঘাটিত ৰাছিয়াৰ সহযোগিতাত নিৰ্মাণ কৰা ছখৈ এছইউ-৩৫ যুদ্ধ বিমান, এছইউ-৩০ এমকেআই যুদ্ধ বিমান, ড্ৰোনৰ লগতে অত্যাধুনিক চোৰাংচোৱা বিমান, এয়াৰবোৰ্ণ আৰ্লি ৱাৰ্ণিং এণ্ড কন্ট্র’ল ছিষ্টেম অৱস্থান কৰাইছে চীনে।

অৰুণাচল প্ৰদেশৰ সীমান্তৰ পৰা ডেৰশ কিলোমিটাৰ উত্তৰ-পূবত অৱস্থিত চীনৰ বাংগা বিমানঘাটিৰ লগতে আছে অত্যাধুনিক ডব্লিউ জেদ-ছ’ৰিং ড্রেগন ড্রোন।২০২১ত মুকলি কৰা এই ড্রেগনে বিৰতি নোহোৱাকৈ ১০ ঘণ্টা উৰিব পাৰে আৰু ইয়াক চোৰাংচোৱাগিৰি, নিৰীক্ষণ আদি ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়।

তদুপৰি ই ক্রুজ ক্ষেপণাস্ত্র ভূভাগত নিক্ষেপ কৰিবলৈ তথ্য সৰবৰাহ কৰিব পাৰে। ভাৰতৰ এনে অত্যাধুনিক ড্রোন নাই।বিশেষজ্ঞসকলে কয় যে চীনে এনে অত্যাধুনিক ড্রোন ব্যৱহাৰৰ দ্বাৰা এয়েই ইংগিত দিছে যে আকছাই চীন আৰু উত্তৰ-পূৰ্বাঞ্চলৰ মেকমোহন লাইনৰ চৌপাশে অভিযানত শক্তি যোগাব পৰাকৈ এই সম্পূর্ণ সক্রিয় নেটৱৰ্ক আৰু প্রস্তুতি গঢ়ি তোলা হৈছে।

বাণ্ডা বিমানঘাটিত আন বহু ছবি প্রকাশিত হৈছে। দেখা গৈছে যে দুখন ফ্লেংকাৰ টাইপ যুজাৰু বিমান এই ঘাটিত আছে। বিবাদমান অঞ্চলত যাতে ভাৰতীয় গতিবিধি লক্ষ্য ৰাখিব পাৰে তাৰ সম্পূর্ণ ব্যৱস্থা কৰিছে চীনে।

উত্তৰ-পূবৰ এই অঞ্চলত চীনৰ যুঁজাৰু বিমানৰ সামর্থ্য বৃদ্ধিয়ে স্বাভাৱিকতে ভাৰতীয় বায়ুসেনাৰ ওপৰত চাপৰ সৃষ্টি কৰিব। বিশেষজ্ঞসকলৰ মতে, বিগত সপ্তাহত অৰুণাচল প্ৰদেশৰ ভাৰতৰ বায়ুসেনা বাহিনীৰ বৃহৎ কুচকাৱাজৰ স’তে বাংডাৰ পৰা সংগৃহীত ছবিৰ ঘটনা কাকতলীয় নহয়। ইয়াৰে সংযোগ আছে।

ভাৰতীয় বায়ুসেনা বাহিনীৰ যুঁজাৰু অনুশীলন নিৰীক্ষণ বাবে চেষ্টা চলাইছিল চীনে। তদুপৰি ভাৰতীয় ৰাডাৰ আৰু ইলেক্ট্রনিক কার্যকলাপ চিনাক্তৰো চেষ্টা চলাইছিল। মূল্যবান তথ্য সংগ্ৰহ কৰি যাতে প্রকৃতাৰ্থত সংঘৰ্ষৰ সৃষ্টি হ’লে ভাৰতীয় বায়ুসেনা বাহিনীক প্ৰত্যুত্তৰ দিব পাৰে বাবে চীনে চোৰাংচোৱাগিৰি কৰা বুলিও ধাৰণা কৰা হৈছে।

অৰুণাচল প্ৰদেশৰ টাৱাঙত যোৱা ন নৱেম্বৰত সংঘটিত হিংসাত্মক মুখামুখি সংঘৰ্ষৰ পাছত চীনে এই তৎপৰতা বৃদ্ধি কৰিছে। যুঁজাৰু বিমান, পৰিবহণ ব্যৱস্থা, ড্রোন, ইলেক্ট্রনিক, যুদ্ধ সামগ্ৰী আদিৰ প্ৰকোপ উক্ত ঘটনাৰ পাছতে চীনে ২০২০ত লাডাখৰ গালৱানত সংঘৰ্ষৰ পাছত কৰাৰ দৰেই বৃদ্ধি কৰিছে।

এতিয়াৰে পৰা চীনে তিব্বতত বৃহৎ ঘাটি গঢ়ি তুলিছে। আনকি হেলিপেড, ৰেললাইন আদিৰ দৰে আন্তঃগাঁথনি নিৰ্মাণ কৰিছে। তাৰ এইদৰে ক্ৰমে চীনে বায়ুসেনাৰ শক্তি ভাৰতৰ সীমাৰ সংলগ্ন অঞ্চলত বৃদ্ধি কৰিছে। বিভিন্ন ছেটেলাইটৰ ছবিত এয়া স্পষ্ট হৈছে।

চীনে সামৰিক শক্তি আৰু ইয়াৰ সংলগ্ন আন্তঃগাঁথনি ভাৰতীয় সীমান্তৰ স’তে লাগি থকা অঞ্চলত নিৰ্মাণ কৰিছে। বিশেষজ্ঞসকলৰ মতে, বিগত বছৰবোৰত অভাৱনীয় হাৰত চীনে শক্তি বৃদ্ধি কৰিছে। বিভিন্ন নতুন যোগান, সামগ্ৰী সৰবৰাহ পথ আৰু পথ নির্মাণ কৰাৰ লগতে তিব্বত আৰু পূব লাডাখত চীনা বাহিনীৰ সংযোগ ব্যৱস্থা শক্তিশালী ৰূপত প্রকাশিত হৈ আহিছে।

তিনিটা মূল বিমানঘাটি যেনে অৰুণাচল প্ৰদেশৰ সীমান্তৰ পৰা ডেৰশ কিলোমিটাৰ দূৰৈৰ বাংডা, ২৬০ কিলোমিটাৰ দূৰৈত অৱস্থিত লাছা আৰু ছিকিমৰ সীমান্তৰ পৰা ডেৰশ কিলোমিটাৰ নিলগত অৱস্থিত ছিগাটছেত শক্তি বৃদ্ধি কৰিছে চীনে।

লাছাত এনে সম্প্ৰসাৰণৰ কাৰ্যকলাপ অব্যাহত থকাৰ সুস্পষ্ট প্রমাণ আছে। আনকি ইয়াত দ্বিতীয়টো ৰাণৱে নিৰ্মাণ কৰিছে চীনে। পৰিবহণগত আৰু মানগত দিশৰ পৰা চীনে যুঁজাৰু বিমান, বিমানঘাটি, এয়াৰফিল্ড আদিৰ শক্তি বৃদ্ধি কৰিছে।

Exit mobile version