Covid -19 : ক’ভিড -১৯ ৰ নিষধাজ্ঞা শিথিল হোৱাৰ পাছত চীনত ব্যাপক হাৰত উত্থান কৰ’না আক্ৰান্তৰ সংখ্যা

000 32y37hl 0

Covid -19 :

ক’ভিড -১৯ ৰ সকলো নিষেধাজ্ঞা শিথিল হোৱাৰ পাছত চীনত লক্ষ্যণীয়ভাৱে বৃদ্ধি পাইছে কৰ’না আক্ৰান্তৰ সংখ্যা । মহামাৰী বিজ্ঞানী আৰু স্বাস্থ্য অৰ্থনীতিবিদ এৰিক ফেইগল-ডিঙে প্ৰকাশ কৰা তথ্য মতে , বৰ্তমান চীনৰ সকলো চিকিৎসালয়ত কৰ’না ৰোগীৰ সংখ্যাই আৱৰি ধৰিছে ।

মহামাৰী বিজ্ঞানিজনে অনুমান কৰিছে যে , অহা ৯০ দিনত চীনৰ ৬০ শতাংশতকৈ অধিক তথা সমগ্ৰ বিশ্বৰ প্ৰায় ১০ শতাংশ লোক ক’ভিডত আক্ৰান্ত হোৱাৰ সমান্তৰালকৈ আৰু লাখ লাখ মানুহৰ মৃত্যু হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ।

আনহাতে ৱাল ষ্ট্ৰীট জাৰ্নেলে প্ৰকাশ কৰা তথ্য অনুসৰি ২০১৯ ত চীনৰ ৰাজধানী বেইজিঙত ক’ভিড-১৯ বিয়পি পৰা সময়ৰ পৰা যোৱা কিছুদিনত মৃত্যুৰ সংখ্যা পুনৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । এনে সময়ত দেশখনত নিষেধাজ্ঞাসমূহ হঠাতে শিথিল কৰাটো একপ্ৰকাৰ মানৱীয় ব্যয়ৰ ইংগিত বহন কৰিছে ।

উল্লেখ্য যে , ফেইগল-ডিঙৰ মতে , বিশ্বৰ শক্তিশালী দেশ চীন হৈছে এখন কমিউনিষ্ট ৰাষ্ট্ৰ আৰু কমিউনিষ্ট দলৰ লক্ষ্য হৈছে , ‘’ সংক্ৰমিত হোৱাজনক সংক্ৰমণ হ’বলৈ দিব লাগে । মৰিব লগাজনক মৰিবলৈকে দিব লাগে । মুঠতে আগতীয়া সংক্ৰমণ , আগতীয় মৃত্যু, আগতীয়াকৈ শিখৰত উপনীত হোৱা বা আনতকৈ আগতীয়াকৈ উৎপাদন আৰম্ভ কৰা ।‘’

তাৎপৰ্যপূৰ্ণ যে , ষ্ট্ৰীট জাৰ্নেলে এইবুলিও উল্লেখ কৰিছে যে , ৰাজধানী বেইজিঙত এনেধৰণৰে হঠাৎ ক’ভিড নীতি শিথিল কৰাটো এক মানৱীয় ব্যয়ৰ আগতীয়া ইংগিত ।

এইক্ষেত্ৰত ষ্টেট কাউন্সিলে শুকুৰ বাৰে সন্ধিয়া চীনৰ মন্ত্ৰীসভাক ক’ভিড সংক্ৰান্তীয় সকলো তথ্য দাখিল কৰিবলৈ অনুৰোধ কৰে যদিও এইক্ষেত্ৰত চৰকাৰে কোনোধৰণৰ সঁহাৰি দিয়া নাই ।

চীনৰ ক’ভিড পৰিস্থিতৰ প্ৰতি লক্ষ্য ৰাখি বেইজিঙৰ পূৱ প্ৰান্তত অৱস্থিত বেইজিং ডংজিয়াও শ্মশানত এতিয়া অন্ত্যোষ্টিক্ৰিয়াৰ বাবে অনুৰোধ কৰা লোকৰ সংখ্যাও বৃদ্ধি পাইছে বুলি শ্মশান চৌহদত কাম কৰা লোকসকলে প্ৰকাশ কৰিছে।

ইয়াৰ লগতে শ্মশানত কাম কৰা এগৰাকী মহিলাই কয় যে , ক’ভিডৰ পাছৰে আমি অত্যাধিক কামৰ বোজা বহন কৰিছো আৰু বৰ্তমান উদ্ভৱ হ’বলগা পৰিস্থিতিৰ বাবে আকৌ আমি ২৪ ঘণ্টা কাম কৰিবলৈ সাজু হৈ উঠিছো ।

মহিলাগৰাকীয়ে আৰু কয় যে , আগন্তুক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বেইজিং পৌৰনিগমে বেইজিং ৰাষ্ট্ৰীয় স্বাস্থ্য মিচনৰ সহযোগত ইতিমধ্যে সকলো কৰ্মচাৰীকে ক’ভিড যুদ্ধত পুনৰ অৱতীৰ্ণ হ’বৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰিছে ।

অনুমান কৰা অনুসৰি এইবাৰ প্ৰত্যেক দিনাই ২০০ মৃতদেহ শ্মশানলৈ কঢ়িয়াই অনা হ’ব আৰু দৈনিক ৩০ ৰ পৰা ৪০ টা মৃতদেহ সৎকাৰ কৰিব লাগিব । যিহেতু বৰ্তমান বেইজিঙত দ্ৰুতহাৰত ক’ভিড আক্ৰন্তৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

ইফালে শ্মশানত দাহ কৰা সামগ্ৰী যোগান ধৰা এজন লোকে কয় যে , এইবাৰ আমি ধাৰণা কৰাতকৈ বহু বেছি মৃতদেহ সৎকাৰ কৰিবলৈ আমি সাজু হৈছো । যিহেতু বৰ্তমান পুনৰ ৰাজধানী চহৰখনত ক’ভিডৰ সংক্ৰমণ দ্ৰুত গতিত বৃদ্ধি পাইছে ।

Exit mobile version