Delhi Airport : ক’লৈ যাব ! গন্তব্য স্থান পাহৰি ৪০ ঘণ্টা বিমানবন্দৰৰ ব’ৰ্ডিং গেটত কটালে এজন যুৱকে

ইয়াৰ পাছত কি হ'ল ?

download 1 13

Delhi Airport :

দিল্লী বিমানবন্দৰৰ পৰা বিমান ধৰি মিজোৰামৰ আইজললৈ যোৱা এজন যুৱকে বিমানখন ধৰাৰ ঠিক আগমুহূৰ্তত পাহৰি যায় ক’লৈ গৈ আছিল । এই দুধুৰ-মুধুৰতে তেওঁ টি-৩ত বৰ্ডিং গেটৰ ওচৰত ৪০ ঘণ্টাৰো অধিক সময় ধৰি বহি থাকে ।

ইফালে, যুৱকজন আইজল গৈ নোপোৱাত, তেওঁৰ পিতৃ-মাতৃ তেওঁক লৈ চিন্তিত হৈ পৰে । যুৱকজনক ফোন কৰে যদিও, তেওঁৰ তাত ফোন নালাগে ।

অৱশেষত যুৱকজনৰ পিতৃ-মাতৃ দিল্লী বিমানবন্দৰত উপস্থিত হয় । তাৰ পাছত তেওঁ চিআইএছএফৰ বিষয়াসকলক কয় যে তেওঁৰ পুত্ৰ এক জটিল ৰোগত আক্ৰান্ত । সেৰে তেওঁ কথাবোৰ বাৰে বাৰে পাহৰি যায় ।

বিষয়টো জানিব পাৰি চিআইএছএফৰ বিষয়াসকলে চিচিটিভি কেমেৰাৰ ফুটেজ পৰীক্ষা কৰি দেখে যে নিৰুদ্দেশ হোৱা যুৱকজন টি-৩ৰ ভিতৰত একেটা বৰ্ডিং গেটৰ সন্মুখত বহি আছিল, য’ৰ পৰা তেওঁৰ মিজোৰামলৈ বিমান আছিল ।

ইয়াৰ পাছত যুৱকজনক পিতৃ-মাতৃৰ হাতত গতাই দিয়ে । চিআইএছএফ-এ তৎকালীন ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে‌ যুৱকজনৰ পিতৃ-মাতৃয়ে তেওঁলোকক ধন্যবাদ জনায় ।

ঘটনাচক্ৰে, এই গোচৰত বিমানবন্দৰৰ বিষয়াসকলে কয় যে বিষয়টো ১৬ ডিচেম্বৰৰ পুৱাৰে পৰা আৰম্ভ হৈছিল । যুৱকজনৰ টি-৩ৰ পৰা মিজোৰামলৈ বিমান আছিল । সময়ৰ আগতেই তেওঁ দিল্লী বিমানবন্দৰত উপস্থিত হৈছিল ।

টি-৩ত প্ৰৱেশ কৰাৰ পাছত ছিকিউৰিটি চেক হৈ যোৱাত সময়ৰ আগতেই তেওঁ বৰ্ডিং গেট পাইগৈ, কিন্তু বিমান ধৰিবৰ সময়ত তেওঁ বিমানত নগৈ একেঠাইতে বহি থাকে ।

বিমান সংস্থাৰ তৰফৰ পৰা ঘোষণা কৰা হৈছিল যদিও, অসুস্থতাৰ বাবে তেওঁ বুজিব নোৱাৰি বিমানখনৰ ধৰিব নোৱাৰে ।

Exit mobile version