Drinking Hot Water : পুৱা খালি পেটত গৰম পানী খায় ? এই অভ্যাস আপোনাৰ বাবে উপকাৰী নে ?

lady drinking hot drink

Drinking Hot Water :

শোৱাৰ পৰা উঠি এগিলাচ গৰম পানী খাই দিনটো আৰম্ভ কৰে অনেকে । নিশা শোৱাৰ সময়ত সাত-আঠ ঘণ্টা পানী নোখোৱাৰ পাছত এই অভ্যাসে যে কেৱল তৃষ্ণা পূৰণ কৰে তেনে নহয় ।

ওজন কমোৱাত, খাদ্য হজম কৰাত, আনকি বৃক্কৰ কার্যকাৰিতা ৰক্ষা কৰাতো সহায় কৰে ।

বিশেষজ্ঞসকলৰ মতে, পুৱা খালি পেটত গৰম পানী খোৱাৰ সঠিক নিয়ম আছে । দুকাপ পানী উতলাই, সেয়া একাপ পৰিমাণৰ কৰি, তাৰ পাছত কুহুমিয়া গৰম হোৱাৰ পাছতহে খাব ।

যদি সম্ভৱ হয় সেই পানীত শুকান আদা দি ল’ব পাৰে । ওজন কমাবলৈ যিসকলে পানী খায়, তেওঁলোকৰ বাবে এই নিয়ম বিশেষভাৱে উপকাৰী ।

অনেকৰ ধাৰণা, পুৱা গৰম পানী খালে কোষ্ঠকাঠিন্যৰ দৰে সমস্যা দূৰ হয় । কাৰণ, গৰম পানীয়ে বৃহদন্ত্রৰ পেশীবোৰ শিথিল কৰে ।

অৱশ্যে, এই বিষয়ত পুষ্টিবিদ আ আয়ুর্বেদ বিশেষজ্ঞসকলৰ মত কিন্তু ভিন্ন । তেওঁলোকৰ মতে, পানীৰ তাপমাত্রাৰ লগত শৰীৰৰ এই কার্যকাৰিতাবোৰৰ কোনো সংযোগ নাই । শোৱাৰ পৰা উঠি পানী খোৱা ভাল । সেয়া যিকোনো তাপমাত্রাৰেই হ’ব পাৰে ।

কাৰণ, মুখ আৰু খাদ্যনলীৰে পানী যেতিয়া পেটত যায়, সেই সময়ত পানীৰ তাপমাত্রা শৰীৰৰ তাপমাত্রাৰ সমপৰ্যায়ৰ হৈ যায় ।

গৰম পানীৰ প্রভাৱ কিছু পৰিমাণে হ’লেও শ্বাসযন্ত্রত পৰে । কিন্তু শৰীৰবৃত্তীয় কোনো কাৰ্যত তেনে কোনো প্রভাৱ নেপেলায় । সেয়ে গৰম বা ঠাণ্ডা যিয়েই নহ‌ওক, পুৱা উঠি পানী খাওক নিশ্চিন্তে ।

Exit mobile version