India-China Relation : চীনৰ আগ্রাসন ৰোধ কৰিবলৈ সীমান্তত আন্তঃগাঁথনি প্ৰস্তুত কৰিছে ভাৰতে

India-China Relation :

টাৱাং ছেক্টৰত ভাৰত-চীন সম্পর্কৰ অৱনতি সন্দৰ্ভত দেশজুৰি চর্চা তুংগত । এইবাৰ চীনৰ আগ্রাসন ৰোধ কৰিবলৈ অৰুণাচল সীমান্ত অঞ্চলত এইবাৰ পৰিকাঠামো উন্নতিত বিৰাট জোৰ দিছে ভাৰতে ।

পশ্চিম অসম আৰু পশ্চিম অৰুণাচল প্রদেশ অঞ্চলত পৰিকাঠামো উন্নতিত উদ্যোগি ভাৰত । বিআৰঅ’কো আনি বিশেষ নির্দেশ দিয়া হৈছে ।

সংবাদ সংস্থা এএনআইক প্রজেক্ট ভর্তকৰ মুখ্য বাস্তুকাৰ ব্রিগেডিয়াৰ ৰমন কুমাৰে জনাইছে, চৰকাৰে ৰাজ্যৰ প্রত্যন্ত অঞ্চলত আর্থ সামাজিক উন্নতিৰ বাবে উদ্যোগ লৈছে । তেওঁ জনাইছে, আমাৰ ৰাষ্ট্ৰীয় ঘাইপথ আছে ।

ছিংগল লেন ৰোড, ডবল লেন ৰোড আৰু অন্যান্য ধৰণৰ পথো আছে । আমি টাৱাঙৰ অত্যন্ত প্রত্যন্ত অঞ্চল পর্যন্ত যোগাযোগ ব্যৱস্থা বৃদ্ধি কৰিব বিচাৰিছো । মূলত এই অঞ্চলৰ আর্থ সামাজিক উন্নতিৰ বাবেই আমি বিচাৰিছো ।

ইপিনে দুটা সুৰংগও তৈয়াৰ হৈছে অঞ্চলটোত । ছেলা টানেল আৰু নেচিপু টানেল । তেওঁ জনাইছে, প্রচণ্ড শীতৰ সময়ত স্ন’ ফ্রি ৰোডছৰ বাবে এই টানেল তৈয়াৰ হৈছে ।

ইপিনে ছেলা টানেল নিৰ্মাণ কাৰ্য‌ও অব্যাহত আহিছে । এবাৰ ইয়াত টানেল প্ৰস্তুত হৈ গ’লে প্রচণ্ড শীততো যাতায়াত কৰা সম্ভৱ হ’ব । নেচিপু পাছৰ কাষতো তৈয়াৰ হৈছে টানেল । এবাৰ সেই টানেল তৈয়াৰ হৈ গ’লে সেনাৰ লগতে সাধাৰণ লোকৰ যাতায়াতো সুগম হ’ব ।

টাৱাং আৰু সংলগ্ন অঞ্চলত ম’বাইল সেৱাও শক্তিশালী কৰা হৈছে । যি অঞ্চলত ভাৰত আৰু চীনৰ সংঘর্ষ হৈছিল তাৰ কাষতো ম’বাইল টাৱাৰ স্থাপন কৰা হৈছে বুলি খবৰ ।

ইন্টাৰনেট সেৱা শক্তিশালী কৰিবলৈ সকলো ধৰণৰ উদ্যোগ লোৱা হৈছে । অৱশ্যে স্থানীয়সকলৰ দাবী, পূৰ্বৰ তুলনাত ব্যৱস্থাৰ কিছু উন্নতি হৈছে । এতিয়া টাৱাঙত ফেচবুক আৰু হোৱাটছ‌এপো ব্যৱহাৰ কৰিব পাৰি ।

Exit mobile version