Story Of A Strong Woman : এগৰাকী আত্মবিশ্বাসী মহিলাৰ কাহিনীৰে

IMG 20221218 123051

Story Of A Strong Woman :

মানুহে জীৱন সংগ্ৰাম চলাই নিবলৈ বহু কামেই কৰে। জীৱন-জীৱিকা চলাই নিয়াৰ স্বাৰ্থত পুৰুষৰ সমানে মহিলাইও কোনো ক্ষেত্ৰতে পিছপৰি ৰোৱা নাই।

আনকি কিছু-কিছু ক্ষেত্ৰত পুৰুষতকৈ মহিলা অধিক আগবঢ়া। তামুলপুৰ জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ এগৰাকী মহিলাৰ কাম কাজেও এতিয়া ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছে।

গোৰেশ্বৰ ৰাজহ চক্ৰৰ সুৱাগপুৰ অঞ্চলৰ বৰনদীপাৰা চেৰফাংগুৰিৰ এগৰাকী ব্যতিক্ৰমী মহিলা ভণিতা বড়োই ই-ৰিক্সা চলাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

যিসময়ত বিমান চলোৱাৰ পৰা আৰম্ভ কৰি ৰকেট চলোৱালৈ কোনো ক্ষেত্ৰতে মহিলা পিছপৰি থকা নাই ; তাৰ মাজত ই-ৰিক্সা চলাই জীৱিকা চলাই নিবলৈ চেষ্টা কৰা ভণিতা বড়োৰ কাহিনীয়ে বিশেষ গুৰুত্ব লাভ নকৰিবও পাৰে যদিও জীৱন সংগ্ৰাম চলাই নিবলৈ গ্ৰাম্যাঞ্চলৰ পুৰুষৰ সমানে মহিলাইও যেন সকলো কাম কৰিব পাৰে লগতে সমাজৰ দৃষ্টিভংগী যে কিছুমান ক্ষেত্ৰত সলনি কৰিবৰ হ’ল তাৰেই উদাহৰণ দাঙি ধৰিছে গোৰেশ্বৰৰ ভণিতা বড়োই।

দুই কন্যা সন্তানৰ মাতৃ ভণিতাই বড়োই স্বাবলম্বীতাৰো সুন্দৰ নিদৰ্শন দাঙি ধৰিছে। ভণিতা বড়োই অন্য পুৰুষৰ দৰেই নিজৰ পৰিয়ালৰ আৰ্থিক স্থিতি ধৰি ৰাখিবলৈ ঘৰুৱা অন্যন্য কাম-কাজ কৰাৰ লগতে বৰ্তমান ই-ৰিক্সা চলাই পৰিয়াল চলাই নিছে।

তেওঁৰ স্বামী মইনা বড়োই ফাইনেন্সত এখন ই-ৰিক্স ক্ৰয় কৰিছিল প্ৰায় ডেৰ মাহ পূৰ্বে। কিন্তু তেওঁ গুৱাহাটীৰ এটা ব্যক্তিগত কোম্পানীত কাম কৰে। কোম্পানীত কাম নকৰিলেও ঘৰ নচলে মইনা বড়োৰ।

কিন্তু নিজে ই-ৰিক্সা চলাইও পোহপাল দিব নোৱাৰে এটা পৰিয়াল। ইয়াৰোপৰি আন চালকক ই-ৰিক্সা খন চলাব দিলেও সময়ত কিস্তি মৰাৰো চিন্তা থাকি যায়। সেয়েহে তেওঁৰ পত্নী ভণিতা বড়োই স্বামীক সকাহ দিয়াৰ উদ্দেশ্যে নিজে ই-ৰিক্সাখন চলোৱাৰ কথা ভাবে।

তেনেদৰে যোৱা ডেৰ মাহ ধৰি নাওকাটা-সুৱাগপুৰ-বাঙালীপাৰা চ’কবজাৰ আৰু এলেকাটোত ই-ৰিক্সা চলাই গৈছে ভণিতাই। ই-ৰিক্সাৰ ভাড়া মাৰি পোৱা পইচাৰে পৰিয়ালটোৰ ভৰণ-পোষনৰ কামত নিজে লাগি গৈছে ভণিতা।

সাংবাদিকৰে হোৱা কথোপকথনত ভণিতা বড়োই কয় যে- ঘৰৰ ইটো-সিটো কাম কৰাৰ লগতে যিখিনি সময় পায় তেনে সময়ৰ সৎ ব্যৱহাৰ কৰি চ’ক বজাৰলৈ লৈ যায় ই-ৰিক্সা খন।

নিজে কিবা এটা কৰিব লাগে তাকে ভাবি ভণিতা বড়োই সাহসেৰে অন্যন্যা পৰুষৰ স’তে খোজ মিলাই চলাই গৈছে ই-ৰিক্সা। একাংশ লোকে মহিলা হৈও কিয় ই-ৰিক্সা চলাব লাগে বুলি কটাক্ষ কৰে বুলিও ভণিতা বড়োই উল্লেখ কৰে ।

তাৰ পাছতো গোৰেশ্বৰ -নাওকাটা-বাঙালীপাৰাৰ সচেতন সমাজে ভণিতা বড়োৰ এই পদক্ষেপৰ ভূয়সী প্ৰশংসা কৰিছে।
ইপিনে দুই কন্যা সন্তানৰ পঢ়া-শুনাৰ দায়িত্বৰ লগতে ঘৰৰ সকলো কাম-কাজ চম্ভালিছে ভণিতাই।

কিন্তু আৰ্থিক দুৰাৱস্থাৰ বাবে প্ৰায়ে থমকি ৰ’ব লগা হয় ভণিতা বড়ো আৰু তেওঁৰ স্বামী মইনা বড়ো। এই ক্ষেত্ৰত স্থানীয় জনপ্ৰতিনিধিৰ সুদৃষ্টি বিচাৰিছে পৰিয়ালটোৱে। মহিলা স্বাবলম্বীতাৰ সুন্দৰ নিদৰ্শন দাঙি ধৰা অঞ্চলটোৰ এই খবৰে সকলোকে উৎসাহিত কৰিছে।

Exit mobile version