Teacher punishment : শিক্ষকৰ নিৰ্মম প্রহাৰত ঢলি পৰিল দ্বিতীয় শ্রেণীৰ ছাত্ৰ

7017c7f8 c63d 11e9 8b78 a387d3830b78

Teacher punishment :

শিক্ষকৰ নিৰ্মম প্রহাৰত আঘাতপ্ৰাপ্ত হ’ল এজন ছাত্ৰ । শিক্ষকৰ এনে কাণ্ডত ক্ষুব্ধ হৈছে ছাত্ৰজনৰ অভিভাৱকে আৰক্ষীক গোচৰ ৰুজু কৰিছে ।

ঘটনাটো সংঘটিত হৈছে শনিবাৰে কাছাৰ জিলাৰ লক্ষীপুৰ শিক্ষা খণ্ডৰ অন্তর্গত ১২৮২ নম্বৰ তলেনগ্রাম নিম্ন প্রাথমিক বিদ্যালয়ত ।

প্ৰাপ্ত তথ্য অনুসৰি, ইংৰাজীত ব্রাছ বানান লিখিব নোৱাৰাত বিদ্যালয়ৰ প্রধান শিক্ষক দিব্যজ্যোতি দত্ত‌ই দ্বিতীয় শ্রেণীৰ ছাত্ৰ আইয়ুবক নিৰ্মমভাৱে এচাৰিৰে কোব সোধায় ।

এচাৰিৰ কোব খাই মাত্র চাৰে সাত বছৰীয়া আইয়ুব মাটিত ঢলি পৰে । বিদ্যালয়ৰ পৰা কোনো মতে তাক ঘৰলৈ লৈ যোৱা হয় ।

আইয়ুবৰ ঘৰ বিদ্যালয়ৰ কাষতেই । আইয়ুবৰ এনে অৱস্থা দেখি তাৰ মাতৃ আৰু আত্মীয়সকল হতভম্ব হৈ পৰে । লগে লগে আয়ুবৰ পিতৃ আলা উদ্দিনক ফোনত বিষয়টো জনোৱা হয় ।

আলা উদ্দিনে ততাতৈয়াকৈ ঘৰত আহি তেওঁৰ পুত্ৰক লক্ষীপুৰ বিপিএইচচিত চিকিৎসাৰ বাবে লৈ যায় । শিশুৰ শৰীৰত এচাৰিৰ আঘাত স্পষ্ট পৰিলক্ষিত হয় ।

প্রাথমিক চিকিৎসাৰ পাছত আলা উদ্দিনে পুত্ৰ আইয়ুবক লৈ লক্ষীপুৰ থানাত আহি এটা লিখিত এজাহাৰ দাখিল কৰে । লক্ষীপুৰ আৰক্ষীয়ে ২৬০/২২ নম্বৰত গোচৰ নথিভুক্ত কৰি তদন্ত আৰম্ভ কৰে ।

শিক্ষকৰ প্রহাৰত ছাত্ৰজনৰ মূৰ ফাটি যায় । ইপিনে, বিষয়টো নিজৰ মাজত মিমাংসা কৰিবৰ বাবে বিভাগীয় কর্তৃপক্ষ‌ই বিদ্যলয় পৰিচালনা সমিতিৰ একাংশ সদস্য আৰু শিক্ষক দিব্যজ্যোতি দত্ত‌ই আইয়ুবৰ ঘৰত গৈ সন্ধিয়া অনুৰোধ কৰে আৰু ভৱিষ্যতে এই ধৰণৰ ঘটনা পুনৰ সংঘটিত নোহোৱাৰ প্রতিশ্রুতি দিয়ে ।

কিন্তু আয়ুবৰ অৱস্থা গুৰুতৰ হোৱাৰ বাবে অভিভাৱকসহ গাঁওবাসী বুজাপৰাত সন্মত নহয় । আইয়ুবৰ অভিভাৱকসহ পৰিয়ালৰ সদস্যসকলে শিক্ষকৰ এই অমানৱীয় কাণ্ডক তীব্র গৰিহণা দিছে ।

Exit mobile version