Umananda Temple : নদীদ্বীপ উমানন্দত ঢেকীয়াপতীয়াৰ আতংক !

ব্ৰহ্মপুত্ৰৰে সাঁতুৰি প্ৰকাণ্ড ঢেকীয়াপতীয়াৰ মন্দিৰ চৌহদত প্ৰৱেশ, আতংকিত মন্দিৰৰ পুজাৰী - ভক্ত

2af76cfb de41 40bd 86fc e4a247f709c4

Umananda Temple :

বিশ্বৰ ক্ষুদ্ৰতম নদীদ্বীপ উমানন্দত বাঘৰ আতংক। প্ৰকাণ্ড ঢেঁকীয়াপটীয়া বাঘে ব্ৰহ্মপুত্ৰৰে সাঁতুৰি আহি মন্দিৰৰ চৌহদত প্ৰৱেশ কৰিছে। ব্ৰহ্মপুত্ৰত সাঁতুৰি আহি থকা প্ৰত্যক্ষ কৰে একাংশ লোকে ৷ পাছত বাঘটো নদীৰ পৰা উঠিয়ে উমানন্দ মন্দিৰৰ গাতে লাগি থকা পাহাৰৰ গুহাত সোমাই অৱস্থান কৰে৷

ইতিমধ্যে উমানন্দত ঢেঁকীয়াপটীয়া প্ৰৱেশৰ বিষয়ে প্ৰচাৰ হোৱাৰ পাছতে পূজা দিবলৈ অহা ভক্ত আৰু স্থানীয় দোকানী সকল আতংকিত হৈ পৰে ৷ মন্দিৰ কমিটি আৰু বন বিভাগে দশৰ্নাথী আৰু উমানন্দৰ লোক সকলক সৰ্তক কৰি দিয়াৰ পাছতে মন্দিৰ চৌহদৰ দোকান- পোহাৰ স্বতঃস্ফূৰ্ত বন্ধ হৈ পৰে ৷

আনহাতে শুক্লেশ্বৰ ঘাটৰ পৰা মন্দিৰলৈ অহা ফেৰী বন্ধ কৰি দিয়াৰ লগতে দশৰ্নাথী অহাটো বাধাৰোপ কৰা হৈছে ৷ উমানন্দত ঢেঁকীয়াপটীয়া বাঘৰ প্ৰৱেশৰ খবৰ পাই উপস্থিত হয় বন বিভাগৰ উদ্ধাৰকাৰী দল৷বাঘটোক নিৰাপদে জিন্মালৈ আনিবলৈ ৰণনীতি যুগুত কৰি বন বিভাগৰ দলটো ৷

Exit mobile version