Voter ID: ভোটাৰকাৰ্ডৰ স’তে সংযোগ কৰা নাই ৫৪ কোটি আধাৰকাৰ্ড

192713 voter id aadhar

Voter ID  :

যোৱা আগষ্টত ভাৰতৰ নিৰ্বাচন আয়োগে ভোটাৰকাৰ্ড আৰু আধাৰকাৰ্ড সংযোগকৰণৰ বাবে এক অভিযান আৰম্ভ কৰিছিল। এই অভিযানত যোৱা ১২ ডিচেম্বৰলৈকে নিবন্ধিত ভোটাৰৰ পৰা ৫৪.৩২ কোটি আধাৰ নম্বৰ সংগ্ৰহ কৰা হৈছিল।

কিন্তু এইসমূহ আধাৰকাৰ্ডৰ স’তে ভোটাৰকাৰ্ডৰ সংযোগ প্রক্রিয়া এতিয়াও আৰম্ভ কৰা হোৱা নাই। তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত এই তথ্য লাভ কৰা হৈছিল।

যোৱা সপ্তাহত নির্বাচন আয়োগৰ শীৰ্ষ বিষয়াই প্ৰকাশ কৰা অনুসৰি, মুঠ ৯৫ কোটি নিবন্ধিত ভোটদাতাৰ প্ৰায় অর্ধেকাংশৰ ভোটাৰকাৰ্ড আৰু আধাৰকাৰ্ডৰ সংযোগ সম্পন্ন কৰা হৈছে।

পহিলা আগষ্টৰ পৰা ১২ ডিচেম্বৰলৈকে দেশত ফৰ্ম ৬বি পূৰণ কৰা লোক সংখ্যা হৈছে ৫৪,৩২,৮৪,৭৬০ জন।

Exit mobile version