Accident : চান্দমাৰীত অঘটন !

ৰে'ল লাইন পাৰ হ'বলৈ গৈ ৰে'লৰ খুন্দাত মৃত্যু যুৱকৰ

6cadf29e fc44 468f 9f7a 8c55b3b15a52

Accident :

মহানগৰীৰ চান্দমাৰী অঘটন ৷ ৰে’লপথ পাৰ হোৱাৰ সময়তে ৰে’ল খুন্দাত মৃত্যু এজন যুৱক ৷ বুধবাৰে বিয়লি সংঘটিত হোৱা শোকাৱহ ঘটনাটোত মৃত্যু হোৱা যুৱকজনক ৰবীন বুলি চিনাক্ত কৰা হৈছে ৷মৃত যুৱকজনৰ ঘৰ নিজৰাপাৰাত ৷

উল্লেখ্য যে, ৰে’ল লাইনত ৰৈ থকা ৰে’লখনৰ তলত সোমাই আছিল যুৱকজন ৷স্থানীয় লোকে জানিব দিয়া মতে মৃত যুৱকজত সুৰামত্ত অৱস্থাত আছিল ৷

যাৰবাবে নিচাৰ ৰাগিত ৰে’ল খনৰ তলত অৱস্থান কৰি থকা সময়তে ট্ৰেইন খন চলিবলৈ ধৰাত কৰুণ মৃত্যুক সাবটি লয় সুৰাপায়ী যুৱকজন। ঘটনা সংঘটিত হোৱাৰ পাছতে ৰে’ল আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷

Exit mobile version