Flash flood : জলপ্রপাতত স্নান কৰি থাকোতে হড়প্পা বানত উটি গ’ল পর্যটক ! চাওক এই ভয়ংকৰ দৃশ্য

waterfall

Flash flood :

পাহাৰৰ কোলাৰে নামি অহা জুৰিৰ পানীত গা ধুই আছিল এদল পর্যটকে । কিছু দূৰত বহি সেই জলধাৰা উপভোগ কৰিছিল আন কে’বাজনো লোকে । স্রোতো কম আছিল ।

সকলোৱে সেই জলধাৰা উপভোগ কৰাত মতলীয়া, প্রবল শব্দত পাহাৰৰ কোলাৰে নামি আহিল বিশাল জলৰাশি । কোনো ভাৰী বস্তু নামি অহাৰ শব্দ শুনি কেইজনমানে পিছুৱাই অহাৰ চেষ্টা কৰে যদিও, তৎক্ষণাৎ হড়প্পা বান একেবাৰে কাষত নামি আহিছিল ।

পানীৰ বিপুল স্রোতত নিয়ন্ত্ৰণ হেৰুৱাই পর্যটকসকল সেই স্রোতত উটি যায় । এই ভয়াৱহ দৃশ্য বন্দী হৈছে কেমেৰাত । যদিও ভিডিঅ’টোৰ সত্যতা পৰীক্ষা কৰা নাই দৈনিক অগ্ৰদূতে ।

কে’বাটাও সংবাদমাধ্যমৰ প্রতিবেদনত দাবী কৰা হৈছে, ঘটনাটো ফিলিপিন্সৰ উত্তৰ ছেবুৰ কেটমন চহৰৰ তিনুবদান জলপ্রপাতৰ ।

ভিডিঅ’ত দেখা গৈছে, শিশুসহ কে’বাজনো প্রাপ্তবয়স্ক পর্যটক এই জলপ্রপাতৰ কম ধাৰাত গা ধুই আছে । হঠাৎ পানীৰ স্রোত বাঢ়ি যায় । কিছুসংখ্যকে সুৰক্ষিত স্থানত যাবলৈ সক্ষম হয় যদিও, প্রায় ছয়-সাতজন পর্যটক সেই পানীৰ স্রোতত উটি যায় ।

এজনক আকৌ কিছু উখ ঠাইত আৱদ্ধ হৈ থকা দেখা যায় । কেৱল পানী আৰু পানী । চকুৰ নিমিষতে পর্যটকসকল কেৱল অদৃশ্য হৈ যায় । শিহৰণকাৰী এই দৃশ্য সম্প্রতি প্রকাশ্যত আহিছে । ভিডিঅ’টো ২০২১ৰ বুলিও দাবী কৰিছে কিছু সংবাদমাধ্যমে ।

Exit mobile version