Majuli : মাজুলীৰ প্ৰাথমিক শিক্ষা খণ্ডত আজৱ কাণ্ড !

লাচন চাপৰি প্ৰাথমিক বিদ্যালয় পৰিণত হৈছে মদৰ ঘাটিত, মধ্যাহ্ন ভোজনৰ চাউলেৰে আপং বনাই ভক্ষণ কৰে শিক্ষক আৰু ৰান্ধনিয়ে

WhatsApp Image 2022 12 21 at 20.59.44

Majuli :

মাজুলীৰ প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত এখন প্ৰাথমিক বিদ্যালয়ত চলিছে আজৱ কাণ্ড । বিদ্যালয়খনত অধ্যয়নৰত এগৰাকী কণমানি ছাত্ৰই শিক্ষকৰ সন্মুখতেই সাংবাদ মাধ্যমৰ আগত অকপত স্বীকাৰ কৰিছে যে, ছাৰহতে ৰান্ধনী দুৰাকীৰ স’তে মিলি একেলগে বিদ্যালয়ত মদ খায় ৷

মাজুলীৰ লাচন চাপৰি প্ৰাথমিক বিদ্যালয়ত সংঘটিত হৈছে এই দুৰ্ভাগ্যজনক ঘটনা । মধ্যাহ্ন ভোজনৰ চাউল অপ-ব্যৱহাৰ কৰি আপং তৈয়াৰ কৰি শিক্ষক আৰু ৰান্ধনীয়ে মিলি ভোগ কৰি নিচাত মচগুল হয় বিদ্যালয়তে ৷

ছাত্ৰ-ছাত্ৰীক পাঠদান কৰাৰ পৰিৱৰ্তে মদ খাই সময় অতিবাহিত কৰে । বিদ্যালয় নহয় যেন বিনোদনৰ এক স্থান হিচাপে প্ৰধান শিক্ষক মিন্টু সন্দিকৈ আৰু সহ শিক্ষক গৰাকীয়ে গন্য কৰে ৷ যিটো সঁচাকৈয়ে শৈক্ষিক জগতখনৰ বাবে দুৰ্ভাগ্যজনক ঘটনা ৷

যি সময়ত চৰকাৰে প্ৰাথমিক বিদ্যালয়ৰ কণ-কণ শিশুসকলৰ শৈক্ষিক পৰিৱেশ সুন্দৰকৈ গঢ়ি, মূল্যবোধৰ শিক্ষাৰে দেশৰ এজন সুযোগ্য নাগৰিক হিচাপে গঢ়িবলৈ নামভৰ্তিকে আদি কৰি শিক্ষাৰ সকলো সামগ্ৰী বিনামুলীয়াকৈ দিয়াৰ উপৰি দুপৰীয়াৰ ভাত কেইটাও বিদ্যালয়তে যোগাৰ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে তেনে সময়ত মাজুলীৰ অতি ভিতৰুৱা লাচন চাপৰি প্ৰাথমিক বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ চাউল ব্যৱহাৰ কৰি এইদৰে বিদ্যালয়তে মদ বনোৱা ৰান্ধনী কেইগৰাকী আৰু বিদ্যালয়খনৰ শিক্ষক দুজনক তৎকালীনভাৱে বৰ্খাস্ত কৰিবলৈ সচেতন মহলে শিক্ষা বিভাগক দাবী জনাইছে ।

প্ৰতিদিনে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক নুখুৱাই মধ্যাহ্ন ভোজন । এই অভিযোগ তুলিছে বিদ্যালয়খনৰ একাংশ সচেতন অভিভাৱকে ৷

ছাত্ৰ-ছাত্ৰীৰ নামত অহা চাউলৰে বিদ্যালয়ত তৈয়াৰ কৰা সুৰা, শিক্ষক দুজন আৰু ৰান্ধনীয়ে খোৱাৰ লগতে বিক্ৰী কৰে বুলিও বিভিন্নজনে মত প্ৰকাশ কৰিছে ।

প্ৰকৃততে এই বিদ্যালয়খনৰ শিক্ষক দুজন আৰু ৰান্ধনী মদৰ বেপাৰীহে বুলি ইতিকিংসূচক মন্তব্য প্ৰদান কৰিছে স্থানীয় ৰাইজে ৷

উল্লেখযোগ্য যে, কণ কণ শিশুৰ মুখৰ ভাত কাঢ়ি মদ বনাই খোৱা শিক্ষক আৰু ৰান্ধনীৰ এই কুকৰ্মসমূহ বিদ্যালয়ৰ চিআৰচিচি গৰাকীৰ চকুত আজি পৰ্যন্ত নপৰাতো ৰহস্যজনক বিষয় বুলি বিভিন্নজনে মন্তব্য কৰি চিআৰচিচি গৰাকীৰ ওপৰতো বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৷

কণ-কণ শিশুসকলক মদ খোৱাৰ শিক্ষা দিয়া, ছাত্ৰ-ছাত্ৰীৰ সন্মুখতে শিক্ষকে মদ খোৱা এই প্ৰাথমিক বিদ্যালয়খনৰ শিক্ষক দুজনৰ ওপৰত শিক্ষা বিভাগে এতিয়া কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া এতিয়া সচেতন অভিভাৱকসকলৰ বাবে লক্ষ্যণীয় বিষয় ৷

সচেতন মহলে এই শিক্ষক দুজনৰ লগতে ৰান্ধনী দুগৰাকীক তৎকালে তদন্ত কৰি চাকৰিৰ পৰা বৰ্খাস্ত কৰিবলৈ আৰু চিআৰচিচি গৰাকীকো পদচ্যুৎ কৰিবলৈ দাবী জনাইছে ৷

Exit mobile version