Manipur School Bus Accident : মণিপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা

আঠগৰাকীকৈ ছাত্ৰীৰ শোকাৱহ মৃত্যু

6ed20a13 31a1 474e 9181 06b630a0f2a0

Manipur School Bus Accident :

চুবুৰীয়া ৰাজ্য মণিপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ বুধবাৰে ৰাজ্য খনৰ ননি জিলাৰ বিষ্ণুপুৰ-খওপুমৰ পুৰণা কাছাৰ পথত সংঘটিত হয় এক ভয়ংকৰ বাছ দুৰ্ঘটনা ।

য়াৰিপকৰ থামবালনু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা শিক্ষামূলক ভ্ৰমণ সূচীৰে দুখন বাছৰে গৈ থকা পথত এখন বাছ দুৰ্ঘটনাত পতিত হয়।

প্ৰাপ্ত খবৰ অনুসৰি দুৰ্ঘটনাত বাছত থকা শিক্ষাৰ্থীৰ আঠ গৰাকীতকৈ অধিক ছাত্রী নিহত হোৱাৰ বিপৰীতে আহত হয় ১৪ জন ৷

ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী আৰু উদ্ধাৰকাৰী দল উপস্থিত হৈ আহত সকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

Exit mobile version