Mansukh Mandaviya : জনবহুল স্থানত মাস্ক পৰিধান আৰু ভেকচিন গ্ৰহণ কৰিবলৈ আহ্বান কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ

চীন-জাপান-দক্ষিণ কোৰিয়াসহ চাৰিখন দেশত ক'ভিড আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি

NPIC 20221220111310 696x382 1

Mansukh Mandaviya :

চীন, জাপান আৰু দক্ষিণ কোৰিয়াসহ চাৰিখন দেশত ক’ভিড আক্ৰান্তৰ সংখ্যা শেহতীয়াকৈ দ্ৰুতগতিত বৃদ্ধি পোৱাত উদ্বিগ্ন হৈ পৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয় ৷

বুধবাৰে দেশবাসীক কৰ’ণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিহতৰ ক্ষেত্ৰত প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিয়ে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ড: মনসুখ মাণ্ডৱিয়াই ৷

এক টুইটাৰযোগে দেশসমূহত সংক্ৰমণৰ স্থিতি আৰু সাম্প্ৰতিক পৰিস্থিতিৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰস্তুতিৰ বিষয়ে উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ৷ এই সম্পৰ্কত মন্ত্ৰী গৰাকীয়ে তেওঁৰ মন্ত্ৰণালয়ৰ জ্যেষ্ঠ বিষয়া বৰ্গৰে এক বৈঠকত মিলিত হৈ পৰ্যালোচনা কৰে ক’ৰণা প্ৰতিহত কৰা সন্দৰ্ভত ৷

তেওঁ কয় “কিছুমান দেশত ক’ভিড বাঢ়ি অহা ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি আজি বিশেষজ্ঞ আৰু বিষয়াসকলৰ সৈতে পৰিস্থিতিৰ পৰ্যালোচনা কৰা হয় ৷ কোভিড এতিয়াও শেষ হোৱা নাই। এই ক্ষেত্ৰত সংশ্লিষ্ট সকলোকে সতৰ্ক হ’বলৈ আৰু নিৰীক্ষণ শক্তিশালী কৰিবলৈ নিৰ্দেশনা দিয়া হৈছে । অৱশ্যে যিকোনো পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ প্ৰস্তুত আছে কেন্দ্ৰ ৷

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীয়ে আন বিশেষজ্ঞসকলৰ সৈতে হোৱা বৈঠকৰ পিছত নীতি আয়োগৰ স্বাস্থ্য সদস্য ড: বিনোদ কুমাৰ পালে কয়,দেশৰ নাগৰিকসকলক ঘৰৰ ভিতৰত আৰু বাহিৰত মাস্ক পিন্ধিবলৈ আহ্বান জনায় আৰু তেওঁলোকক ক’ভিড-১৯ ভেকছিনৰ পালি সাৱধানতাৰে গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে ।

পালে আৰু কয়, “যদি আপুনি জনসমাগমৰ মাজত, ঘৰৰ ভিতৰত বা বাহিৰত থাকে তেনেহ’লে মাস্ক ব্যৱহাৰ কৰিব। শিশু বা বয়স্ক লোকসকলৰ বাবে এই নিয়ম অধিক গুৰুত্বপূৰ্ণ। “কেৱল ২৭-২৮ শতাংশলোকে সাৱধানতাৰে ভেকচিন গ্ৰহণ কৰিছে। আনহাতে ড: পালে কয়, এতিয়ালৈকে দেশখনত বিমান চলাচলৰ ক্ষেত্ৰত কোনো পৰিৱৰ্তন হোৱা নাই ।”

উল্লেখ্য যে, চীনত যোৱা মাহত বিৰাট গণ প্ৰতিবাদৰ পিছত শ্বাসৰুদ্ধ হোৱা নিষেধাজ্ঞা শিথিল কৰাৰ পিছৰে পৰা ঘটনাবোৰ বৃদ্ধি হোৱা দেখা গৈছে। তাৰ পাছতে সংক্ৰমণ দ্ৰুতগতিত বিয়পি পৰিছে ৷

দৈনিক ক’ভিড টেষ্টৰ গণনাই এই মাহৰ প্ৰথম দুসপ্তাহত নতুন অভিলেখ স্পৰ্শ কৰিছে। ৰয়টাৰৰ এক প্ৰতিবেদন অনুসৰি চীনে সোমবাৰে পাঁচটা আৰু দেওবাৰেদুটা মৃত্যুৰ কথা সদৰি কৰিছিল ৷ ইয়াৰ লগে লগে মুঠ মৃত্যুৰ সংখ্যা ৫,২৪২ লৈ বৃদ্ধি পায় ।

Exit mobile version