Operations Kurukhetra : আগন্তুক নৱবৰ্ষৰ পূৰ্বেই মহানগৰত ‘অপাৰেচন কুৰুক্ষেত্ৰ’

সুৰামত্ত হৈ গাড়ী চলালেই ৰোষত পৰিব আৰক্ষীৰ

ANI 20221114151816

Operations Kurukhetra :

সমাগত ৩১ ডিচেম্বৰ আৰু নৱবৰ্ষলৈ মাজত মাত্ৰ কেইটামান দিন। এই সময়ছোৱাত ৰাজ্যত সুৰাপান কৰাৰ ফলত যাতে কোনো পথ দুৰ্ঘটনা সংঘটিত হৈ কাৰো জীৱন হানি নহয় তাৰ বাবে কঠোৰ স্থিতি প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই।

ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে জাৰি কৰিছে বিশেষ নিৰ্দেশনা ৷ মুখ্যমন্ত্ৰীৰ নিদৰ্শনা পোৱাৰ পাছতে তৎপৰ হৈ পৰিছে ৰাজ্যৰ যানবাহন আৰক্ষী আৰু পৰিবহণ বিভাগ ৷ গুৱাহাটী মহানগৰীটো পথ, উপ- পথত চলাইছে ‘অপাৰেচন কুৰুক্ষেত্ৰ’৷

মঙলবাৰৰ পৰা দিছপুৰ থানাৰ অন্তৰ্গত প্ৰায়বোৰ সদাব্যস্ত পথৰ লগতে উপ-পথ সমূহতো ব্যাপক তালাচী চলাই ৷ সুৰামত্ত হৈ বাহন চলোৱা চালকৰ বিৰুদ্ধে চলোৱা মাৰাথন অভিযানত বহু কেইগৰাকীৰ বিৰুদ্ধে আৰক্ষীয়ে আইনগত ব্যৱস্থা গ্ৰহণ কৰিছে ৷

একেদৰে খানাপাৰাটো অভিযান চলাই আৰক্ষীয়ে ৷ মহানগৰ আৰক্ষীৰ যান-বাহন শাখাৰ আৰক্ষী অধীক্ষক হিৰণ্য কুমাৰ বৰ্মনৰ নেতৃত্বত চলোৱা অভিযানত ৩৫ জন সুৰাপায়ীক জৰিমনা বিহাৰ লগতে সৰ্তক কৰি দিয়া হয় ৷

আৰক্ষীয়ে সুৰাপান কৰি গাড়ী চলোৱা চালকক ব্ৰেথ এনালাইজাৰ ব্যৱহাৰ কৰি পৰীক্ষা কৰে৷ মহানগৰ আৰক্ষীৰ যান-বাহন শাখাৰ আৰক্ষী অধীক্ষক হিৰণ্য কুমাৰ বৰ্মনে সদৰি কৰা মতে এই অভিযান নতুনবৰ্ষৰ প্ৰথম ভাগলৈকে অব্যাহত থাকিব ৷

Exit mobile version