Smallpox : আক্ৰান্তৰ সংখ্যা ১০ হেজাৰ, চলিত বৰ্ষত দেশত ৪০ শিশুৰ মৃত্যু সৰুআইত

WhatsApp Image 2022 12 21 at 15.06.22

Smallpox :

ক’ভিড ১৯ৰ সংক্ৰমণ ভাৰতত প্ৰায় নোহোৱা হ’ল যদিও চলিত বৰ্ষত দেশত আকৌ এবাৰ সৰুআইৰ সংক্রমণে শিশুসকলৰ যথেষ্ট ক্ষতি কৰিলে।

কেন্দ্রীয় চৰকাৰৰ পৰিসংখ্যা অনুসৰি, চলিত বৰ্ষত দেশত সৰুআইত আক্ৰান্ত হৈ ৪০ টা শিশুৱে প্ৰাণ হেৰুৱালে।

আনহাতে, ২০২২ বৰ্ষত বৰ্তমানলৈকে ভাৰতত ১০,০০০ৰো অধিক শিশু সৰু আইত আক্রান্ত হ’ল। এই তথ্য দাখিল কৰিলে কেন্দ্ৰীয় স্বাস্থ্য ৰাজ্য মন্ত্রী ভাৰতী প্রবীণ পাৱাৰে।

দেশৰ ভিতৰতে মহাৰাষ্ট্ৰত সর্বাধিক ৩০৭৫ জন লোক সৰুআইত আক্রান্ত হোৱাৰ লগতে ১৩ টি শিশুৱে এই ভাইৰাছত প্ৰাণ হেৰুৱালে

আনহাতে, ঝাৰখণ্ডত ২৬৮৩ শিশু আক্রান্ত আৰু আঠটা শিশুৰ মৃত্যু হৈছিল। গুজৰাটত ১৫৬০, হাৰিয়ানাত ১৫৩৭, বিহাৰত ১২৭৬ আৰু কোলাত ১৯৬ শিশু সৰুআইত আক্রান্ত হৈছিল। একেদৰে গুজৰাটত ন, হাৰিয়ানাত তিনি আৰু বিহাৰত সাত শিশুৰ এই ভাইৰাছত মৃত্যু হ’ল।

Exit mobile version