The kylian mbappe :অপাৰেজয়, অপৰাজিত এমবাপ্পে : বিশ্ব ফুটবলৰ নতুন মহানায়কৰ জন্ম

WhatsApp Image 2022 12 21 at 14.25.23

The kylian mbappe :

গল্ডেন বুট আজুৰি আনিলেও কান্দি উঠিল এইজন মহানায়কে । পৰাজিত হৈও জিনিলে অনুৰাগীৰ হৃদয় । ফাইনেলত দিলে তিনিটাকৈ গল ।

এই কান্দোন যেন ইতিহাস হ’ব ফুটবল বিশ্বত । তেওঁ হৈছে ফুটবল বিশ্বৰ নতুন তাৰকা কাইলিয়ান এমবাপ্পে ।
১৯৯৮ চনৰ ২০ ডিচেম্বৰত জন্ম গ্ৰহণ কৰা এমবাপ্পেৰ বয়স মাত্ৰ ২৩ বছৰ । সদ্য সমাপ্ত হোৱা বিশ্বকাপত নিজৰ বুদ্ধিমত্তা আৰু দুৰন্ত গতিৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে এইজন ফুটবলাৰে ।

বিশ্বকাপ ফুটবলৰ ফাইনেলত ফ্ৰান্স পৰাজিত হ’লেও কিন্তু জিকি গ’ল এমবাপ্পে । পৰাজয়ৰ গ্লানি সহিব নোৱাৰি খেল পথাৰতে কান্দি উঠিছিল এই নতুন তাৰকাজনে।

কিন্তু এই চকুপানী এদিন যে বিশ্ব ফুটবলৰ ইতিহাস হ’ব সেইকথা প্ৰমাণ কৰিলে খেলুৱৈজনে । হাৰিও বিশ্ব ফুটবলৰ যে তেওঁ এজন মহাতাৰকা হ’ল , সেইকথা আজি সকলোৱে অনুভৱ কৰিছে ।

পেলে , মাৰাডোনা , জিদানৰ পৰা বিশ্ব ফুটবলত এনে বহুত মহাতাৰকা আছে , যাৰ নাম বিশ্ব ফুটবলত এতিয়াও সোণালী আখৰেৰে লিখা আছে ।

এই তালিকাতে স্থান লাভ কৰিলে এইজন কম বয়সীয়া ফুটবল তাৰকাই । পেৰিছত জন্ম গ্ৰহণ কৰা এমবাপ্পেয়ে ২০১৫ চনত ফুটবল কেৰিয়াৰ আৰম্ভ কৰিছিল । ক্ৰমে ২০১৮ চনত প্ৰথমখন ফুটবল বিশ্বকাপত অংশ লৈ সৰ্বাধিক গল দিয়া আটাইতকৈ কম বয়সীয়া ফৰাচী ফুটবলাৰ হিচাপে ইতিহাস সৃষ্টি কৰিছিল ।

একেদৰে মহান ফুটবল তাৰকা পেলেৰ পাছতে আটাইতকৈ কম বয়সত বিশ্বকাপ ফুটবলৰ ফাইনেলত হেট্ৰিক কৰি সৰ্বাধিক গল দিয়া দ্বিতীয়জন ফুটবলাৰ হিচাপে পৰিগণিত হয় এমবাপ্পে ।

২০২২ বৰ্ষৰ চূড়ান্ত খেলতো আৰ্জেণ্টিনাৰ সপোন চূৰমাৰ কৰি মাত্ৰ দুই মিনিটত দুটাকৈ গল দি ধুমুহাৰ সৃষ্টি কৰি অনন্য প্ৰতিভাৰ পৰিচয় দিয়া এমবাপ্পেই নিজৰ দল ফ্ৰান্সক বিজয়ৰ মুকুট পিন্ধাব নোৱাৰিলে যদিও সমগ্ৰ শৃংখলাত অনন্য প্ৰতিভাৰ স্বাক্ষৰ ৰাখি আজুৰি আনিলে শ্ৰেষ্ঠ ফুটবলাৰ সন্মান গল্ডেন বুট ।

অৱশেষত বিশ্ব ফুটবলে জন্ম দিলে অন্য এজন ফুটবল মহাতাৰকাৰ । পেলে , মাৰাডোনাৰ পিছতে বিশ্ব ফুটবলৰ তালিকাত সোণালী আখৰেৰে লিখিলে নিজৰ নাম । হয় । মই বিশ্ব ফুটবলৰ অন্য এজন মহাতাৰকা , ‘’ দ্যা কাইলিয়ান এমবাপ্পে ।‘’

Exit mobile version