Women Education : বিশ্ববিদ্যালয়ত মহিলাৰ প্ৰৱেশ নিষেধ কৰিলে তালিবানে

আফগানিস্তানত জাৰি নতুন বিধিনিষেধ

YYJV22CVGVJX3MMNUXO3XDXXJU

Women Education :

বিদ্যালয়ৰ পাছত এইবাৰ বিশ্ববিদ্যালয়সমূহতো মহিলাৰ প্ৰৱেশ নিষিদ্ধ কৰা হ’ল আফগানিস্তানত । এই বিষয়ত নতুন বিধিনিষেধ জাৰি কৰিছে তালিবান চৰকাৰৰ উচ্চশিক্ষা মন্ত্রণালয়ে ।

তালিবান চৰকাৰৰ এই সিদ্ধান্তক তীব্র গৰিহণা দিছে আন্তর্জাতিক মহলে । তালিবানৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি আফগানিস্তানত আমেৰিকাৰ দূত জালমে খলিলজাদে কয়, “মহিলাসকলৰ উচ্চশিক্ষাত যিদৰে নিষেধাজ্ঞা আৰোপ কৰিছে তালিবানে, সেয়া অসহনীয় ।”

২০২১ত ক্ষমতাত অহাল পাছত মহিলাসকলৰ বিষয়ত নানা ধৰণৰ প্রতিশ্রুতি দিছিল তালিবানে । কিন্তু যিমানে সময় অতিক্ৰম হৈছে, নিষেধাজ্ঞা সিমানেই বাঢ়িছে ।

মহিলাসকলৰ অধিকাৰ সন্দৰ্ভতো বিভিন্ন ধৰণৰ প্রতিশ্রুতি দিছিল তেওঁলোকে । কিন্তু কার্যক্ষেত্রত দেখা গৈছে তেওঁলোকে দিয়া প্রতিশ্রুতি সকলো মিছা । প্রথমে মধ্যশিক্ষাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে তেওঁলোকে । ছোৱালীয়ে বিদ্যালয় যোৱা নিষিদ্ধ কৰা হয় । তাৰ পাছত লাহে লাহে উচ্চশিক্ষাৰ ক্ষেত্রতো নিষেধাজ্ঞা জাৰি কৰে ।

কেৱল সেয়াই নহয়, মহিলাসকলে পার্ক, জিমত যোৱাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে । আনকি নির্দেশ দিয়া হৈছে, ক’ৰবাত ভ্ৰমণ কৰিবলৈ গ’লে ঘৰৰ পুৰুষৰ স’তে যাব লাগিব ।

সেই নিষেধাজ্ঞাৰ তালিকাত নতুন সংযোজন বিশ্ববিদ্যালয় । বিশ্ববিদ্যালয়তো মহিলাসকলৰ প্ৰৱেশ নিষিদ্ধ কৰিলে তালিবানে ।

তালিবান চৰকাৰৰ উচ্চশিক্ষা মন্ত্রণালয়ৰ এজন মুখপাত্র‌ই জনাইছে, এইবাৰৰ পৰা আফগানিস্তানত চৰকাৰী আৰু বেচৰকাৰী বিশ্ববিদ্যালয়সমূহতো ছাত্রীসকলে প্ৰৱেশ কৰিব নোৱাৰিব । মন্ত্রীসভাৰ সন্মতিতেই এই সিদ্ধান্ত লোৱা হৈছে বুলিও জনাইছে তেওঁ ।

কিছু সপ্তাহ পূৰ্বে বিশ্ববিদ্যালয়সমূহৰ প্রৱেশিকা পৰীক্ষা হৈছিল । তাৰ পাছতেই চৰকাৰৰ এনে সিদ্ধান্তত সেই দেশৰ ছাত্রীসকলৰ মাজত এটা চৰম হতাশা সৃষ্টি হৈছে ।

এই পর্যন্ত বিশ্ববিদ্যালয়সমূহত পুৰুষ-মহিলা পৃথক পৃথককৈ বহাৰ ব্যৱস্থা কৰা হৈছিল । এইবাৰ সেই পথো বন্ধ হৈ গ’ল ছাত্রীসকলৰ ।

নানগড় বিশ্ববিদ্যালয়ৰ সংবাদ আৰু জনসংযোগ বিভাগৰ তৃতীয় বর্ষৰ এগৰাকী ছাত্রীয়ে আক্ষেপ কৰি কয়, “মোৰ সকলো সপোন ভাঙি চুৰমাৰ হৈ গ’ল তালিবানৰ এই সিদ্ধান্তৰ ফলত । চকুৰ সন্মুখত সকলো যেন অদৃশ্য হৈ যোৱা দেখিছো । ইমান দিনে যি অর্জন কৰিছিলো, সকলো শেষ হৈ যাব ।”

তেওঁ কয়, “ছোৱালী হৈ জন্ম লোৱা অপৰাধ নেকি ? যদি তেনেকুৱাই হয়, তেনেহ’লে কিয় ম‌ই ল’ৰা হৈ জন্ম নল’লো । মোৰ দেউতাৰ সপোন আছিল আগন্তুক দিনত ম‌ই ডাঙৰ সাংবাদিক হ’ম । কিন্তু সকলো শেষ হৈ গ’ল ।”

Exit mobile version