Assam Legislative Assembly :অসম বিধানসভাৰ আৱাসিক চৌহদত মাল্টি ইউটিলিটি ভৱনৰ শিলান্যাস মুখ্যমন্ত্ৰীৰ

WhatsApp Image 2022 12 22 at 21.15.05

Assam Legislative Assembly :

অতিথি সৎকাৰ, কৰ্ম-সংস্কৃতিৰ মানসিকতা বিকাশ আৰু স্বাস্থ্যসন্মত জীৱন-যাপনৰ এক পৰিৱেশ গঢ়ি তোলাৰ লক্ষ্যৰে আজি অসম বিধানসভাৰ আৱাসিক চৌহদত মাল্টি ইউটিলিটি ভৱনৰ শিলান্যাস কৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই

এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়,অসম বিধানসভাৰ আৱাসিক চৌহদত নিৰ্মাণ হ’বলগীয়া মাল্টি ইউটিলিটি ভৱনৰ এম্বুলেন্স সেৱাৰ সৈতে ক্ষুদ্ৰ চিকিৎসালয়, ডিপাৰ্টমেণ্টেল ষ্ট’ৰ, কেণ্টিন, পাকঘৰ, ব্যায়ামাগাৰ আদি থাকিব ৷ প্ৰায় ১৪ কোটি টকা ব্যয় সাপেক্ষ ভৱনটিৰ নিৰ্মাণকাৰ্য নিৰ্দ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ কথা উল্লেখ কৰে ৷

অনুষ্ঠানত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, উপাধ্যক্ষ ডা: নোমল মমিন, মন্ত্ৰী পীযুষ হাজৰীকা প্ৰমুখ্যে উচ্চপদস্থ বিষয়াবৰ্গ উপস্থিত থাকে।

Exit mobile version