Baramboi Barpukhuri : দেশী-বিদেশী পৰিভ্ৰমী পক্ষীৰ কলৰৱত মুখৰ ঘগ্ৰাপাৰৰ ঐতিহ্যমণ্ডিত বৰম্বৈ বৰপুখুৰী

2d73263c406ef3ff972020ec06560175

Baramboi Barpukhuri :

নলবাৰী জিলাৰ ৫৯ নম্বৰ নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অধীনস্থ বৰ্জাৱৰিহাতীস্থিত বানে গৰকা ঐতিহ্যমণ্ডিত ৰজাদিনীয়া বৰম্বৈ বৰপুখুৰীত শীতৰ আগমনৰ লগে লগে দেশী-বিদেশী পৰিভ্ৰমী পক্ষীৰ আগমন হয়।

এই বছৰো দেশী – বিদেশী কে’বাটাও প্ৰজাতিৰ পক্ষীৰ আগমন হৈছে। দেশ-বিদেশৰ পৰিভ্ৰমী পক্ষীৰ অন্যতম বিচৰণস্থলী নলবাৰী সমষ্টিৰ ঘগ্ৰাপাৰৰ এই ৰজাদিনীয়া বৰম্বৈবৰপুখুৰীটোৱে ইতিমধ্যে একমাত্র পৰিভ্ৰমী চৰায়ে অনন্য পৰিৱেশৰ সৃষ্টি কৰিছে বুলি বিভিন্ন মহলত চৰ্চিত হৈছে।

উল্লেখ্য যে প্রায় ১৪০ বিঘা মাটিকালিৰে আবৃত্ত ঐতিহাসিক ৰজাদিনীয়া পুখুৰীটো বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী চৰাই বিচৰণৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰকে ধৰি পৰ্যটন কেন্দ্ৰ, নিৱনুৱাক আত্মসংস্থাপন,জৈৱিক সাৰ, মীন উৎপাদন আদিৰ স্থল আছে যদিও কোনো এখন চৰকাৰে এই পুখুৰীটোত বিশেষ কোনো গুৰুত্ব প্রদান নকৰাৰ অভিযোগ দীর্ঘদিনীয়া।

পুখুৰীটোত প্ৰতিখন চৰকাৰৰ দিনত কেনেধৰণৰ চৰকাৰী আঁচনিৰ আবন্টন দি লাখ লাখ টকা আত্মসাৎ কৰি আহিছে বুলি ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে।

তথ্য মতে, তিনি বছৰ পুৰ্বে নলবাৰীৰ তদানীন্তন বিধায়ক অশোক শৰ্মা, ৰঙিয়াৰ বিধায়ক তথা বৰ্তমানৰ ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতা, নলবাৰী জিলা উপায়ুক্তকে ধৰি কে’বাগৰাকী আমোলা-বিষয়া উক্ত পুখুৰীটো পৰিভ্ৰমণ কৰি সংশ্লিষ্ট
বিষয়কেইটাত গুৰুত্ব প্ৰদান কৰি পদক্ষেপ গ্ৰহণ কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও সেয়া আজিও বাস্তৱত ৰূপায়িত নহ’ল বুলি স্থানীয় ৰাইজ তথা ঘগ্ৰাপাৰৰ বিভিন্ন দল- সংগঠনকে ধৰি ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থা, যুৱ ছাত্ৰ পৰিষদ, ঘগ্ৰাপাৰ আঞ্চলিক সমিতিয়ে অভিযোগ কৰিছে।

উল্লেখ্য যে এই পুখুৰীটোত বিগত অগপ, কংগ্ৰেছ চৰকাৰৰ লেখীয়া বৰ্তমানৰ বিজেপি পৰিৱৰ্তনকামী চৰকাৰৰ দিনতো একে হাৰতে লাখ লাখ টকা ধার্য কৰি বৰম্বৈ বৰপুখুৰীটো এটা খীৰতী গাইত পৰিণত কৰিছে বুলি বিভিন্ন তথ্য পোহৰলৈ আহিছে।

বিগত বছৰসমূহত পুখুৰীটো উন্নয়নৰ নামত পুখুৰীটোৰ বাস্তৱত একো হোৱা নাই যদিও আমোলা- বিষয়া, ৰাজনৈতিক নেতা-পালিনেতাসকলে প্ৰতিবছৰে আঁচনি ধৰি গ্ৰামোন্নয়নৰ লাখ লাখ টকা লুণ্ঠনহে কৰি আহিছে বুলি বিভিন্ন মহলত আলোচিত হৈছে।

ইফালে, পৰ্যটকৰ আকৰ্ষণৰ অন্যতমস্থলী হিচাপে গঢ়ি তোলাৰ পূৰ্ণ সম্ভাৱনা থকা নলবাৰী সমষ্টিৰ ঘগ্ৰাপাৰৰ এই বৰম্বৈ বৰপুখুৰীৰ উন্নয়ন সুনিশ্চিত কৰাৰ বাবে নলবাৰীৰ বিধায়ক তথা পর্যটন মন্ত্রী জয়ন্ত মল্ল বৰুৱা আৰু নলবাৰী জিলা উপায়ুক্ত গীতিমণি ফুকনক বিশেষ উদ্যোগ গ্ৰহণ কৰাৰ বাবে পোষকতা কৰিছে বৃহত্তৰ ঘগ্ৰাপাৰ অঞ্চলৰ দল-সংগঠনৰ।

লগতে ঘগ্ৰাপাৰ আঞ্চলিক ছাত্রসন্থা, যুৱ-ছাত্ৰ পৰিষদ, ঘগ্ৰাপাৰ আঞ্চলিক সমিতি, হিন্দু জাগৰণ মঞ্চ, ঘগ্ৰাপাৰ আঞ্চলিক সমিতিয়ে।

Exit mobile version