Bokajan :বোকাজানত জব্দ বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা

WhatsApp Image 2022 12 22 at 19.05.42

Bokajan :

পুনৰ অসম আৰক্ষীৰ সফল অভিযান। অসম নাগালেণ্ড সীমান্তৰ পুৰণা লাহৰিজানত জব্দ হয় ৫৫০ কাৰ্টুন অবৈধ মেঘালয় সুৰা।

এক বিশেষ সূত্ৰৰ ভিত্তিত অসম আৰক্ষী আৰু আবকাৰী বিভাগৰ যৌথ অভিযানত গুৱাহাটী দিশৰ পৰা আহি থকা AS01-PC-4897নম্বৰৰ এখন ট্ৰাকত তালাচী চলাই জব্দ কৰে অবৈধ সুৰা সমূহ।

জানিব পৰা অনুহৰি জব্দকৃত সুৰা সমূহ অতি কৌশলতাৰে প্লাষ্টিক সামগ্ৰীৰ তলত লুকুৱাই আনিছিল আৰু সুৰা সমূহ মণিপুৰৰ ইম্ফললৈ নিয়াৰ পৰিকল্পনা চলাইছিল । এই সন্দৰ্ভত আৰক্ষীয়ে ২টা সৰবৰাহকাৰীক আটক কৰিছে ।

জব্দ হোৱা অবৈধ সুৰা খিনিৰ আনুমানিক বজাৰ মূল্য পোন্ধৰ লাখ টকা মান হ’ব বুলি জানিবলৈ দিছে ।

Exit mobile version