Satellite Township Near Guwahti :
উত্তৰ- পুৰ্বৰ দুৱাৰমুখ গুৱাহাটী মহানগৰত দিনক দিনে বৃদ্ধি পোৱা জনসংখ্যাৰ লগতে অন্যান্য আনুসাংগিক দিশৰ পৰা মহানগৰখনত অত্যাধিক জনবহুল হেঁচাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীৰ পাশ্বৰ্ৱতী অঞ্চলত এহেজাৰ একৰ ভূমিত এখন নতুন উপগ্ৰহীয় চহৰ গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে এক ব্যাপক পৰিকল্পনা লৈছে ।
ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগে প্ৰস্তাৱিত এই চহৰখনৰ প্ৰাৰম্ভিক কামকাজ তৰাম্বিত কৰাৰ বাবে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণক অৰ্পণ দায়িত্ব অৰ্পণ ।
প্ৰাপ্ত খবৰ মতে, প্ৰাধিকৰণে নিবিদাৰ জৰিয়তে ছিংগাপুৰৰ বিখ্যাত কোম্পানীক ছেটেলাইট টাউনশ্বীপৰ মাষ্টাৰপ্লান সহ যাবতীয় কামকাজৰ ৰূপৰেখা প্ৰস্তুত কৰাৰ বাবে বিশেষ উপদেষ্টা হিচাপে নিয়োজিত কৰিছিল ৷
ইতিমধ্যে ছিংগাপুৰৰ সংস্থাটোৱে টাউন শ্বীপৰ প্ৰাৰম্ভিক মাষ্টাৰপ্লেইন মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা আৰু গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী অশোক সিংঘালৰ সন্মুখত উপস্থাপন কৰিছে ৷ সন্থাটোৱে শীৰ্ঘেই চুড়ান্ত অৱলোকন দাখিল কৰিব চৰকাৰৰ ওচৰত ৷
মনকৰিবলগীয়া যে যোৱাবৰ্ষৰ ডিচেম্বৰত নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত নতুন দিল্লীত অনুষ্ঠিত হোৱা দেশৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী সন্মিলনৰ বৈঠকত উপগ্ৰহীয় চহৰৰ বিষয়টোৱে অগ্ৰাধিকাৰ পাইছিল ৷
স্মতৰ্ৱ্য যে ২০২২-২৩ বৰ্ষৰ অসমৰ বাজেটত গুৱাহাটীৰ পাশ্বৰ্ৱতী অঞ্চলত এখন অত্যাধুনিক বিশ্বমানৰ সংহত ব্যৱসায়িক চহৰ অমৃত গুৱাহাটী সংহত গ্লোবেল চিটি গঢ়ি তোলাৰ কথা চৰকাৰে ঘোষণা কৰিছিল।
আনকি পঞ্চদশ বিত্তীয় আয়োগৰ পৰামৰ্শ মৰ্মে কেন্দ্ৰীয় চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰ্যালয়ে দেশত আঠখন নতুন চহৰ গঢ়াৰ বাবে পুঁজিৰ বাবে প্ৰস্তাৱ বিচাৰিছে । সেই অনুসৰি অসম চৰকাৰে ৫০০ কোটি টকাৰ কেন্দ্ৰীয় পুঁজি লাভৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰে ৷