Car Stunts : মহানগৰীত চাঞ্চল্যকৰ ঘটনা !

বাহন চলাই ষ্টাৰ্ট কৰা উদণ্ড যুৱকে চোঁচৰাই নিলে মহিলাক

1671691954dFUg9LwF

Car Stunts :

মহানগৰীৰ খানাপাৰাৰ কেন্দ্রীয় বিদ্যালয়ৰ সন্মুখত ভয়ংকৰ ঘটনা । চাৰিচকীয়া বাহন চলাই অহা উদণ্ড যুৱকে ষ্টান্ট কৰি এগৰাকী মহিলাক চুলিত ধৰি চোঁচৰাই নি নলাত পেলাই পলায়ন কৰা ঘটনাই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

ভুক্তভোগী মহিলা গৰাকীয়ে অভিযোগ অনুসৰি বুধবাৰে নিশা সন্ধিয়া কৰ্মস্থলীৰ পৰা গৃহাভিমুখী হৈ থকা পথত বিলাসী গাড়ী চলাই অহা যুৱকে এজনে গাড়ীখন ষ্টান্ট কৰে৷ সৌভাগ্যক্ৰমে দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে ৷ এই কাৰ্যৰ প্ৰতিবাদ কৰাত নিজ গৃহৰ পদূলিৰ পৰা আহি যুৱকজনে মহিলা গৰাকীৰ চুলিত ধৰি চোঁচৰাই নি নলাত পেলাই উধাও হয় ৷

ইতিমধ্যে যুৱকজন চিনাক্ত কৰা হৈছে ৷ যুৱকজনৰ নাম ৰোহন আগৰৱালা ৷ঘৰ ঘটলাথলীৰ ওচৰতে৷ মহিলা গৰাকীয়ে দিয়া এজাহাৰ ভিত্তিত আৰক্ষীয়ে খানাপাৰাস্থ কেন্দ্ৰীয় বিদ্যালয়ৰ কাষতে থকা যুৱকজনৰ ঘৰত অভিযান চলাই যদিও ইতিমধ্যে আত্মগোপন কৰি থকাত বৃহস্পতিবাৰে সোধপোছৰ বাবে পিতৃক দিছপুৰ থানালৈ লৈ আনে৷

এই ঘটনাক কেন্দ্ৰ কৰি খানাপাৰা অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ উদণ্ড যুৱকজনক শীৰ্ঘেই আটক কৰাৰ দাবীত ৰাইজ ওলাই আহে ৰাজপথলৈ৷ নিশা হ’লেই যেন মহানগৰীত এতিয়া নিৰাপত্তাহীন হৈ পৰিছে যুৱতী-মহিলা ৷ কিন্ত কুম্ভকৰ্ণ নিদ্ৰাত মহানগৰ আৰক্ষী ৷

Exit mobile version