Covid 19 India : পুনৰ ক’ভিডৰ আতংক ! কি ক’লে স্বাস্থ্যমন্ত্ৰীয়ে

WhatsApp Image 2022 12 22 at 19.22.10

Covid 19 India :

ক’ভিড পৰিস্থিতি সন্দৰ্ভত সংসদত এক বিবৃতি প্ৰদান কৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই । তেওঁ জনাই ক’ভিডৰ পৰা উদ্ভৱ হোৱা আকস্মিক পৰিস্থিতিৰ সন্দৰ্ভত কেন্দ্ৰই কি পদক্ষেপ লৈছে ।

লগতে ৰাজ্যসমূহক কেবাটাও পদক্ষেপ ল’বলৈ কোৱা হৈছে । উৎসৱৰ বতৰত ক’ভিড সম্পৰ্কে অতিৰিক্ত সাৱধানতা অৱলম্বন কৰিছে চৰকাৰে । দেশজুৰি টিকাকৰণৰ ওপৰত গুৰুত্ব দিয়া হৈছে ।

স্বাস্থ্য মন্ত্ৰীয়ে জনাই যে চীনত কৰ’না ভাইৰাছত আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে। দেশৰ পৰিস্থিতি বিষয়ে দৃষ্টি ৰাখিছে চৰকাৰে ।

ৰাজ্যসমূহক ইতিমধ্যে কে’বাটাও সাৱধানতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। তেওঁ জনাই যে স্থানীয় পৰ্যায়ত নিৰীক্ষণ আৰু বৃদ্ধি কৰা উচিত ।

ক’ভিড বুষ্টাৰ ভেকছিন গ্ৰহণ কৰিবলৈ নাগৰিকসকলৰ সজাগতা বৃদ্ধি কৰাৰ কথাও কয় স্বাস্থ্য মন্ত্ৰীয়ে । কেন্দ্ৰই ৰাজ্যসমূহক বুষ্টাৰৰ সজাগতা বৃদ্ধিৰ বাবে কে’বাটাও পদক্ষেপ ল’বলৈ কৈছে।

স্বাস্থ্য মন্ত্ৰীয়ে জনাই যে তৃতীয় কৰ’না ভেকছিন গ্ৰহণ কৰিবলৈ নাগৰিকসকলৰ আগ্ৰহ বৃদ্ধি কৰিব লাগিব।

লগতে উৎসৱৰ বতৰত দূৰত্ববিধি মানি চলা , মাস্ক আৰু নিয়মিত ছেনিটাইজাৰৰ ব্যৱহাৰ পৰামৰ্শও দিছে কেন্দ্ৰই।

স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কয়, “মহামাৰী এতিয়াও শেষ হোৱা নাই। ক’ভিড আমাৰ শত্ৰু। ক’ভিডে নিৰন্তৰ নিজৰ ৰূপ সলনি কৰি আছে। আমি তাৰ বিৰুদ্ধে আমাৰ যুঁজ অব্যাহত ৰাখিব লাগিব। ”

স্বাস্থ্য মন্ত্ৰীয়ে বৃহস্পতিবাৰে সংসদক জনাই যে বিদেশৰ পৰা অহা যাত্ৰীসকলৰ ওপৰত অতিৰিক্ত নিৰীক্ষণ ৰখা হৈছে। বিমানবন্দৰত ইতিমধ্যে কৰ’না পৰীক্ষা আৰম্ভ হৈছে।

ক’ভিড-১৯ প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰিবলগা পদক্ষেপসমূহৰ বিষয়ে আলোচনা কৰিবলৈ বৃহস্পতিবাৰে এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।

ইয়াৰ পূৰ্বে, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে বুধবাৰে এখন বৈঠক অনুষ্ঠিত কৰে । বৈঠকত ক’ভিড-১৯ সম্পৰ্কীয় কেবাটাও সাৱধানতামূলক ব্যৱস্থাৰ বিষয়ে আলোচনা কৰা হয়।

সম্মুখত বৰদিন, নতুন বছৰ। সমগ্ৰ দেশতে বৰ্তমান উৎসৱমুখৰ পৰিৱেশ । এনে পৰিস্থিতিত, চীনৰ কৰ’না বিস্ফোৰণে বিশেষজ্ঞসকলক ভাবিবলৈ বাধ্য কৰিছে।

অৱশ্যে, বৰ্তমানৰ বাবে দেশৰ কৰ’না পৰিস্থিতি নিয়ন্ত্ৰণত আছে। কিন্তু কৰ’নাৰ যি উপপ্ৰকাৰে চীনক আতংকিত কৰিছে তাৰ সন্ধান ভাৰততো পোৱা গৈছে ।

ভাৰতৰ দুখন ৰাজ্যত অ’মিক্ৰন বিএফ.৭ সন্ধান পোৱা গৈছে । গুজৰাট আৰু উৰিষ্যাত দুজন কৰ’নাৰ এই চীনা উপৰূপত আক্ৰান্ত হৈছে ।

Exit mobile version