Manoj Kr.Goswami : বিশিষ্ট সাংবাদিক-গল্পকাৰ মনোজ কুমাৰ গোস্বামীলৈ সাহিত্য অকাডেমী বঁটা

'ভুলসত্য 'গল্প সংকলনৰ বাবে এই বঁটা

8cd14110 45ed 4ccf ae37 aaad212e18d6 1

Manoj Kr.Goswami :

বছৰটো শেষ হোৱাৰ প্ৰাকক্ষণত ৰাজ্যৰ বাবে এটা ভাল খবৰ কঢ়িয়াই আনিছে এগৰাকী জ্যেষ্ঠ সাংবাদিকে ৷ সংবাদ আৰু সাহিত্য জগতৰ বাবে সুপৰিচিত গল্পকাৰ – সাংবাদিক মনোজ কুমাৰ গোস্বামীলৈ ‘ভুলসত্য ‘গল্প সংকলনৰ বাবে আগবঢ়োৱা হৈছে সাহিত্য অকাডেমী বঁটা ৷

 নগাঁও চহৰৰ মিলনপুৰত ১৯৬২ চনত জন্ম গ্ৰহণ গোস্বামীয়ে নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ পৰা ১৯৭৭ ত মেট্ৰিক পৰীক্ষাত উৰ্ত্তীৰ্ণৰ পাছত স্নাতক ডিগ্ৰী লাভ কৰে নগাঁও মহাবিদ্যালয়ৰ পৰা ৷

আনহাতে পদাৰ্থ বিজ্ঞান বিষয় লৈ স্নাতকোত্তৰ পঢ়িছিল গুৱাহাটী বিশ্ববিদ্যালয়ত ৷ ছাত্ৰাৱস্থাৰ পৰাই বিভিন্ন গল্প, কবিতা, নিবন্ধ আদি লিখা-মেলা কৰি অতি কম সময়ৰ ভিতৰতে পাঠক সমাজত জনপ্ৰিয় গল্পকাৰ হিচাপে পৰিচিত হৈ পৰে ৷

অসম আন্দোলনৰ পৰিসমাপ্তিৰ পাছত কিছুদিন নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত বিজ্ঞান শাখাত নিৰ্দেশক হিচাপে নিয়োজিত হৈছিল যদিও সেই বৃত্তি ত্যাগ কৰি সাংবাদিক পথাৰ খনত খোজ পেলায় ‘নতুন দৈনিক’ৰ জৰিয়তে ৷

কে’বাখনো কাকতত সংবাদসেৱা কৰি পৰৱৰ্তী সময়ত অধূনালুপ্ত ‘আজিৰ বাতৰি’কাকতৰ কাৰ্যবাহী সম্পাদক হিচাপে নিয়োজিত হয় ৷ গোস্বামী ‘আমাৰ অসম’ আৰু বৈদ্যুতিন মাধ্যম ডি ৱাই ৩৬৫ৰ মুখ্য সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷

বৰ্তমান আমাৰ অসম আৰু এন কে টিভিৰ মুখ্য সম্পাদক ৰূপে কৰ্মৰত হৈ আছে ৷ অসমৰ ভিন্ন পৰিস্থিতিক লৈ গোস্বামীয়ে লিখা ছুটি গল্পৰ কেইবাখনো সংকলন ইতিমধ্যে প্ৰকাশ পাইছে ৷

কথা ‘ বঁটাৰে সন্মানিত হোৱা গল্পকাৰ মনোজ গোস্বামীয়ে সাহিত্য একাডেমী বঁটা পোৱাত বিভিন্নজনে জনাইছে বহু অভিনন্দন ৷

Exit mobile version