Bharat Jodo Yatra : সম্প্ৰীতিৰ অনন্য নিদৰ্শন : এগৰাকী মুছলমান মহিলাই ৰাহুল গান্ধীক দিলে শিৱৰ মূৰ্তি উপহাৰ :

060775e9 1443 41c7 96c4 74721028d1aa

Bharat Jodo Yatra :

ভাৰতবৰ্ষ হৈছে এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ । সেইকথা প্ৰমাণ কৰি ‘ভাৰত জড়ো যাত্ৰা’ত অংশ বিশেষত এগৰাকী মুছলমান মহিলাই কংগ্ৰেছৰ যুৱ নেতা ৰাহুল গান্ধীক উপহাৰ দিলে এটা শিৱৰ প্ৰতিমূৰ্তি ।

এইকথাই এতিয়া সমগ্ৰ দেশজুৰি চৰ্চা লাভ কৰা দেখা গৈছে ।

বৰ্তমান ভাৰতবৰ্ষৰ ৰাজনৈতিক বাতাবৰণ সলনি কৰাৰ উদ্দেশ্যে আজিৰ পৰা ১০০ দিন পূৰ্বে ভাৰতীয় জাতীয় কংগ্ৰেছৰ যুৱ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত আৰম্ভ হৈছিল ‘ভাৰত জড়ো যাত্ৰা ।‘

কন্যাকুমাৰীৰ পৰা আৰম্ভ হৈ কাশ্মীৰত অন্ত পৰিবলগীয়া এই যাত্ৰাই ইতিমধ্যে লাখ লাখ লোকৰ সমৰ্থন লাভ কৰিছে ।
উল্লেখ্য যে , শুকুৰবাৰে এই যাত্ৰাই ৰাজস্থান অতিক্ৰম কৰি হাৰিয়ানাত প্ৰৱেশ কৰাৰ সময়তে বোৰ্খা পৰিহিতা এগৰাকী মুছলমান মহিলাই আগবাঢ়ি আহি যুৱ নেতাজনক এটা ভগৱান শিৱৰ মূৰ্তি উপহাৰ দিয়ে ।

ইতিমধ্যে কংগ্ৰেছে ইয়াৰ কিছু ফটো আৰু ভিডিঅ’ চেয়াৰ কৰি সমগ্ৰ দেশত এই যাত্ৰা সফলতাৰ প্ৰতীক হিচাপে সম্প্ৰীতিৰ বাৰ্তা প্ৰেৰণ কৰিছে ।

ইফালে শনিবাৰে এই যাত্ৰাই দিল্লীত প্ৰৱেশ কৰিব । এনে সময়তে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ এল মন্দাভিয়াই ক’ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই যাত্ৰা বন্ধ কৰিবলৈ ৰাহুল গান্ধীলৈ এক পত্ৰ প্ৰেৰণ কৰিছে ।

এই পত্ৰ লাভ কৰাৰ পাছতেই বিজেপিয়ে কংগ্ৰেছৰ ‘ভাৰত জড়ো যাত্ৰা’ ৰ সফলতাৰ বাবে ভীতিগ্ৰস্ত হৈ ক’ভিডৰ আশ্ৰয় লোৱা বুলি মন্তব্য কৰিছে কংগ্ৰেছে ।

Exit mobile version