POK : পাক সেনাক ভূমি দখল কৰিব দিয়া নহ’ব !

অধিকৃত কাশ্মীৰত ইছলামাবাদ বিৰোধী গণবিক্ষোভ

Screenshot 448

POK :

পাক অধিকৃত কাশ্মীৰৰ পৰা বিচ্ছিন্ন কৰাৰ পাছৰ পৰাই হিংসা অব্যাহত আছিল গিলিগিট-বালটিস্তানত । এইবাৰ গিলিগিট-বালটিস্তানৰ বাসিন্দাসকলে পথত ওলাই আহি পাকিস্তান বিৰোধী বিক্ষোভ প্ৰদৰ্শন কৰে ।

জম্মু আৰু কাশ্মীৰৰ এই অংশৰ নাগৰিকসকলৰ অভিযোগ, তেওঁলোকক জোৰ কৰি উচ্ছেদৰ চেষ্টা কৰিছে পাক সেনাই ।

চলিত সপ্তাহত ৰাজধানী গিলগিট আৰু ওচৰ-পাজৰৰ বিভিন্ন অঞ্চললত পাক সেনা আৰু সীমান্তৰক্ষাল দায়িত্বপ্রাপ্ত ৰেঞ্জাৰ্ছ আৰু ফ্রন্টিয়াৰ কোল বাহিনীৰ কনভয় আৱৰি কে’বাবাৰো প্ৰতিবাদ হৈছে ।

সামাজিক মাধ্যমত ভাইৰেল হৈছে সেই ভিডিঅ’ । এনেকি, গিলিগিট-বালটিস্তানৰ এই বিক্ষোভকাৰীসকলৰ অনেকে প্ৰত্যক্ষভাৱে ভাৰতৰ পক্ষত শ্ল’গান দিছে বুলিও পাক সংবাদমাধ্যমৰ একাংশ‌ই জনাইছে !

কাৰাকোৰাম পৰ্বতমালাৰে আগুৰা গিলগিট-বালটিস্তান ব্ৰিটিছ শাসনকালত জম্মু-কাশ্মীৰৰ ‘প্ৰধান ৰাজ্য’ৰ অংশ আছিল । ১৯৪৮ত পাকিস্তানে জম্মু আৰু কাশ্মীৰ উপত্যকাৰ কিছু অংশৰ লগতে এই অঞ্চলটোও দখল কৰে ।

কিন্তু গিলগিট-বালটিস্তানক পাক অধিকৃত কাশ্মীৰৰ ৰাজধানী মুজফ্‌ফৰাবাদৰ নিয়ন্ত্রণত নানি ‘ফেডাৰেলি এডমিনিষ্টাৰড্ নর্দার্ন এৰিয়া’ নামকৰণ কৰি প্ৰত্যক্ষভাৱে কেন্দ্রীয় নিয়ন্ত্রণত অনা হয় ।

নতুন নামকৰণৰ পাছত ২০০৯ত কেন্দ্রীয় নিয়ন্ত্রণত প্রথম স্থানীয় আইনসভাৰ নিৰ্বাচন অনুষ্ঠিত হয় গিলগিট-বালটিস্তানত । সেই সময়ত নতুন দিল্লীৰ তৰফৰ পৰা ইছলামাবাদৰ এই উদ্যোগৰ বিৰোধিতা কৰা হৈছিল ।

ইয়াৰ পাছত ২০১৮ত পাকিস্তান উচ্চতম ন্যায়ালয়ে তাত প্রাদেশিক আইনসভাৰ নিৰ্বাচন অনুষ্ঠিত কৰিবৰ বাবে সেই দেশৰ চৰকাৰক ২০১৮ৰ প্রশাসনিক আইন সংশোধনৰ নির্দেশ দিছিল ।

সেই আইন সংশোধনৰ পাছত ২০২০-ত প্রাদেশিক আইনসভাৰ নিৰ্বাচন অনুষ্ঠিত হয় যদিও গিলগিট-বালটিস্তানৰ অধিবাসীসকলৰ একাংশ‌ই অধিকৃত কাশ্মীৰৰ স’তে জড়িত হোৱাৰ দাবী জনাইছিল । এইবাৰ গিলগিট-বালটিস্তানত আৰম্ভ হ’ল পাকিস্তান-বিৰোধী গণবিক্ষোভ ।

Exit mobile version