Sania Mirza : ভাৰতৰ প্ৰথম গৰাকী মুছলমান মহিলা ফাইটাৰ পাইলট হ’ব ছানিয়া মিৰ্জা 

ইউপি ব'ৰ্ডৰ হিন্দী মাধ্যমত পঢ়িয়েই লাভ কৰিলে এই সফলতা 

sania mirza pilot 63a548fe85ff4

Sania Mirza :

বিশ্বজুৰি হিজাব বিতৰ্ক চলি থকাৰ মাজতে এগৰাকী মুছলমান ছাত্ৰীয়ে দেশৰ অন্যতম সামৰিক পৰীক্ষা এনডিএত সফলতাৰে উত্তীৰ্ণ হৈ ফাইটাৰ পাইলট হোৱাৰ দিশত আগবাঢ়িছে ।

অৰ্থাৎ ভাৰতৰ প্ৰথমগৰাকী মুছলমান মহিলা ফাইটাৰ পাইলট হ’বলৈ আগবাঢ়িছে উত্তৰ প্ৰদেশৰ এইগৰাকী হিন্দী মাধ্যমৰ ছাত্ৰী ছানিয়া মিৰ্জাই ।

দেশৰ ভিতৰত ১৪৯ নম্বৰ স্থান লাভ কৰি উত্তৰ প্ৰদেশৰ লগতে দেশৰ প্ৰথমগৰাকী মুছলমান মহিলা ফাইটাৰ পাইলট হোৱাৰ দিশত আগবাঢ়ি অনন্য গৌৰৱ অৰ্জন কৰিছে ছানিয়াই ।

উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ এজন টিভি মেকানিকৰ জীয়েক ছানিয়াই সকলো প্ৰত্যাহ্বান নেওচি হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হোৱাৰ পিছতেই এগৰাকী পাইলট হোৱাৰ সপোন পুঁহি ৰাখিছিল ।

সফলতাৰ পাছত ছানিয়াই প্ৰায় সংখ্যক শিক্ষাৰ্থীৰে থকা ধাৰণাক ভুল প্ৰতিপন্ন কৰি কয় যে , চিবিএচই , আইচিএচই বৰ্ডত পঢ়িহে এই পৰীক্ষাত সাফল্য লাভ কৰে বুলি ভবা ধাৰণা ভুল । কিয়নো মই ইউপি বৰ্ডত হিন্দী মাধ্যমত পঢ়িয়েই এই পৰীক্ষাত সাফল্য লাভ কৰিবলৈ সক্ষম হ’লো ।

ছানিয়াৰ এই সাফল্যই নাৰী শিক্ষাক অনুপ্ৰেৰণা যোগোৱাই নহয় , সাধৰণতে দেশত মহিলা ফাইটাৰ পাইলটৰ সংখ্যা কম হোৱাৰ লগতে মুছলমান ধৰ্মৰ ৰক্ষণশীল চিন্তাধাৰাক প্ৰত্যাহ্বান জনাই এনেদৰে দেশৰ প্ৰথমগৰাকী মহিলা ফাইটাৰ পাইলট হোৱাৰ দিশত আগবঢ়া কথাই স্বাভাৱিকতে মুছলমান সম্প্ৰদায়ৰ মহিলাকো অনুপ্ৰেৰণা যোগাইছে ।

উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰৰ যশোভাৰ গাঁৱৰ বাসিন্দা ছানিয়াৰ অনুপ্ৰেৰণা আছিল ভাৰতৰ প্ৰথমগৰাকী মহিলা ফাইটাৰ পাইলট অবণী চতুৰ্বেদী ।

Exit mobile version