SOP : আন্ত:জাৰ্তিক বিমানযাত্ৰীলৈ ভাৰত চৰকাৰৰ নতুন এছঅ’পি জাৰি 

96452459

SOP :

পুনৰ ক’ভিড আশংকাই আতংকিত কৰিছে দেশবাসীক ।

চীনত ক’ভিড আক্ৰন্তৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে ভাৰত চৰকাৰেও জাৰি কৰিলে ক’ভিডৰ নতুন এছঅ’পি ।

আন্ত:জাৰ্তিক বিমানযাত্ৰীক লৈ চৰকাৰে জাৰি কৰিছে এই নতুন এছঅ’পি ।

সেই অনুসৰি এতিয়াৰ পৰা সকলো যাত্ৰীয়ে পৰিধান কৰিব লাগিব মাস্ক ।

বজাই ৰাখিব লাগিব সামাজিক দূৰত্ব । ক’ভিড ভেকচিন লোৱা যাত্ৰীয়েহে কৰিব পাৰিব আন্ত:ৰাষ্ট্ৰীয় বিমান যাত্ৰা ।

বিমান কোঠৰ প্ৰৱেশদ্বাৰত থাৰ্মেল স্কেনিঙৰ ব্যৱস্থা কৰিব লাগিব । ক’ভিডৰ লক্ষণ দেখা পালেই আইছ’লেচনত ৰখা হ’ব যাত্ৰীক ।

উল্লেখ্য যে, চীনৰ উপৰিও আমেৰিকা, জাৰ্মানী, ফ্ৰান্স, বেলজিয়াম আৰু ডেনমাৰ্কত শেহতীয়াকৈ বৃদ্ধি পাইছে ক’ভিড আক্ৰন্তৰ সংখ্যা । সেয়েহে ভাৰত চৰকাৰে তাৎক্ষণিকভাৱে আন্ত:জাৰ্তিক বিমান যাত্ৰীলৈ জাৰি কৰিছে এই নতুন এছঅ’পি ।

ইতিমধ্যে ভাৰতৰ গুজৰাট আৰু উৰিষ্যাত মুঠ পাঁচজন লোকৰ দেহত বিএফ-৭ আৰু অ’মিক্ৰন ছাবভেৰিয়েণ্ট ভাইৰাছ ধৰা পৰিছে ।

ইয়াৰে তিনিজন গুজৰাটৰ হোৱাৰ লগতে দুজন উৰিষ্যাৰ বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে ।

এনে পৰিস্থিতিত ভাৰতৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে আন্ত:ৰাষ্ট্ৰীয় বিমান যাত্ৰীৰ বাবে এই নিশেধাজ্ঞা জাৰি কৰিছে । অৰ্থাৎ আন্ত:ৰাষ্ট্ৰীয় বিমানত ভাৰতলৈ অহা যাত্ৰীয়ে এই নিৰ্দেশ মানিব লাগিব ।

Exit mobile version